তামুলপুৰত কলাগুৰু বিষ্ণু ৰাভা দিৱস পালন
তামুলপুৰ, ২০ জুন (হি.স.)। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিষ্ণু ৰাভা দিৱস পালন কৰা হয়। জিলা আয়ুক্ত চিমি কৰণে আদৰণী ভাষণ প্ৰদান কৰে। নিজৰ ভাষণত তেওঁ কলাগুৰু বিষ্ণু ৰাভাৰ বহুমুখী প্ৰতি
তামুলপুৰত কলাগুৰু বিষ্ণু ৰাভা দিৱস পালন।


তামুলপুৰত কলাগুৰু বিষ্ণু ৰাভা দিৱস পালন।


তামুলপুৰ, ২০ জুন (হি.স.)। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিষ্ণু ৰাভা দিৱস পালন কৰা হয়। জিলা আয়ুক্ত চিমি কৰণে আদৰণী ভাষণ প্ৰদান কৰে। নিজৰ ভাষণত তেওঁ কলাগুৰু বিষ্ণু ৰাভাৰ বহুমুখী প্ৰতিভা, অসমীয়া সমাজ আৰু সংস্কৃতিৰ প্ৰতি আগবঢ়োৱা অনন্য অৱদানৰ বিষয়ে আলোকপাত কৰে।

তেওঁ ভাষণ প্ৰসংগত কয়, সংগীত, সাহিত্য তথা সামাজিক ক্ষেত্ৰখনত থকা তেওঁৰ অৱদান তথা কৰ্মৰাজিক আমি ইতিহাসৰ বুকুত চিৰদিন জীয়াই ৰাখিব লাগিব। অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থকা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সাংস্কৃতিক কৰ্মী ৰবিৰাম ৰাভাই বিষ্ণু ৰাভাৰ জীৱন দৰ্শন সন্দৰ্ভত বিস্তৃত বক্তব্য আগবঢ়ায়। তেওঁ ৰাভাৰ জীৱন সংগ্ৰাম, শিল্প-সাহিত্যৰ প্ৰতি থকা গভীৰ অনুৰাগ, শোষিত-নিপীড়িত লোকৰ প্ৰতি থকা দায়বদ্ধতা আৰু মানৱতাবাদী আদৰ্শৰ বিষয়ে আলোচনা কৰে। অনুষ্ঠানৰ আন এক আকৰ্ষণ আছিল ৰাভা সংগীত পৰিৱেশন। সহকাৰী শিক্ষক তথা সাংস্কৃতিক কৰ্মী ভূপেন দাস আৰু তেওঁৰ দলে কলাগুৰু বিষ্ণু ৰাভাৰ কালজয়ী গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।

এইক্ষেত্ৰত সহযোগিতা আগবঢ়ায় মলেন ৰাভা, চিন্ময় পাঠক, তিলক মহন্ত আদিয়ে। অনুষ্ঠানৰ জৰিয়তে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শ, সৃষ্টি আৰু সাংস্কৃতিক অৱদানক স্মৰণ কৰাৰ লগতে নৱপ্ৰজন্মৰ মাজত তেওঁৰ চিন্তা-চেতনাৰ প্ৰচাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী, কৰ্মচাৰী আৰু সাংস্কৃতিক কৰ্মীসকল উপস্থিত থাকে। উল্লেখ্য যে জিলাখনৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী কাৰ্যালয় তথা অনুষ্ঠান-প্ৰতিষ্ঠানেও নিজাববীয়াকৈ কলাগুৰুৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাভা দিৱসটি পালন কৰে বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande