কলাইগাঁৱত বিষ্ণু ৰাভা দিৱস উদযাপন
ওদালগুৰি, ২০ জুন (হি.স.)। অসমীয়া জাতিৰ সাংস্কৃতিক জাগৰণৰ অগ্ৰদূত, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতিত কলাইগাঁৱত উদযাপিত হ''ল বিষ্ণু ৰাভা দিৱস। ওদালগুৰি জিলা সাহিত্য সভাৰ উদ্যোগত আৰু শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ সহযোগত ভোলাবাৰী চৰকাৰী নিম্ন
কলাইগাঁৱত বিষ্ণু ৰাভা দিৱস উদযাপন


ওদালগুৰি, ২০ জুন (হি.স.)। অসমীয়া জাতিৰ সাংস্কৃতিক জাগৰণৰ অগ্ৰদূত, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতিত কলাইগাঁৱত উদযাপিত হ'ল বিষ্ণু ৰাভা দিৱস। ওদালগুৰি জিলা সাহিত্য সভাৰ উদ্যোগত আৰু শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ সহযোগত ভোলাবাৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়।

অনুষ্ঠানৰ আৰম্ভণিতে বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ইয়াৰ পিছতে সাহিত্য, সংস্কৃতি আৰু সমাজ জীৱনত বিষ্ণু ৰাভাৰ অৱদান সন্দৰ্ভত আলোচনা সভা অনুষ্ঠিত হয়।অনুষ্ঠানত সাহিত্যিক, শিক্ষক, সমাজকৰ্মী, ছাত্ৰ-ছাত্ৰী তথা অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বক্তাসকলে বিষ্ণু ৰাভাৰ আদৰ্শ আৰু চিন্তাধাৰা নতুন প্ৰজন্মৰ মাজত বিস্তাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande