
কোকৰাঝাৰ, ২০ জুন (হি.স.)। সমগ্ৰ ৰাজ্যৰ লগতে আজি গোসাইগাঁৱতো কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ৫৭ তম মৃত্যু তিথি উপলক্ষে ৰাভা দিৱস পালন কৰা হয় ৷ গোসাইগাঁও সদৰ চহৰস্থিত কমলনাথ ক্লাৱ কাম লাইব্ৰেৰীৰ বাকৰিত গোসাইগাঁও স্বৰ্ণদল শাখা সাহিত্য সভাৰ উদ্যোগত আয়োজিত অনুষ্ঠানৰ আদিতে পতাকা উত্তোলন কৰে শাখা সাহিত্য সভাৰ সভাপতি প্ৰদীপ দাসে ৷
ইয়াৰ পাছত বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি মাল্যাৰ্পণ কৰে মান্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ মূখ্য বিজ্ঞানী ড° কামেশ্বৰ দাসে ৷ উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত চিত্ৰাঙ্কন প্ৰতিযোগিতা মুকলি কৰে শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি খনিন্দ্ৰ নাথ দাসে৷ ইয়াৰ পাচতে সভাপতি প্ৰদীপ দাসৰ সভাপতিত্বত অনুষ্ঠিত ৰাভা সোঁৱৰণী সভাৰ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী অনুৰাণী বসুমতাৰীয়ে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ