কোকৰাঝাৰ জিলা প্ৰশাসনে পালন কৰে ৰাভা দিৱস
কোকৰাঝাৰ, ২০ জুন (হি.স.)। কোকৰাঝাৰ জিলা প্ৰশাসনে আজি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু বাৰ্ষিকী গভীৰ শ্ৰদ্ধা আৰু গাম্ভীৰ্যৰে পালন কৰে। এই উপলক্ষে পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি, সংগীত, কবিতা আবৃত্তি আৰু এই মহান সাংস্কৃতিক ব্যক্তিত্ব, বিপ্লৱী শিল্পী তথ
কোকৰাঝাৰ জিলা প্ৰশাসনে পালন কৰে ৰাভা দিৱস।


কোকৰাঝাৰ, ২০ জুন (হি.স.)। কোকৰাঝাৰ জিলা প্ৰশাসনে আজি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু বাৰ্ষিকী গভীৰ শ্ৰদ্ধা আৰু গাম্ভীৰ্যৰে পালন কৰে। এই উপলক্ষে পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি, সংগীত, কবিতা আবৃত্তি আৰু এই মহান সাংস্কৃতিক ব্যক্তিত্ব, বিপ্লৱী শিল্পী তথা সমাজ সংস্কাৰকৰ জীৱন আৰু কৰ্মৰ ওপৰত আলোকপাত কৰি এক স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়।

অনুষ্ঠানৰ আৰম্ভণিতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি উপস্থিত সকলোৱে গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা দীপামণি বৈশ্যই কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন আৰু অতুলনীয় অৱদানৰ ওপৰত ভাষণ আগবঢ়ায়। তেওঁ কয় যে কলাগুৰু শিল্পী, সাহিত্যিক, গায়ক, সুৰকাৰ, নাট্যকাৰ, অভিনেতা, নৃত্যশিল্পী, সমাজ সংস্কাৰক আৰু বিপ্লৱী চিন্তাবিদ হিচাপে বহুমুখী প্ৰতিভাৰ অধিকাৰী ব্যক্তি আৰু অসমৰ সাংস্কৃতিক পুনৰ্জাগৰণত তেওঁৰ অৱদান অতুলনীয় বুলি কয়। লগতে তেওঁ উল্লেখ কৰে যে কলাগুৰুৰ জীৱন, কৰ্ম আৰু আদৰ্শই আজিও লাখ লাখ লোকক অনুপ্ৰাণিত কৰি আহিছে।

অনুষ্ঠানত ‘নাহৰ’ গোষ্ঠীৰ সদস্যসকলে ৰাভা সংগীতৰ সমৱেত পৰিবেশনেৰে লগতে সদস্য মলয়া ডেকা, দীপ্তি তালুকদাৰ, চিত্ৰা দাস ভৌমিক আদি সদস্যসকলে কবিতা আবৃত্তিও পৰিবেশন কৰি অনুষ্ঠানটোক অধিক আবেগময় কৰি তোলে।

অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত অনিছ ৰছুল মজুমদাৰ, কৃষ্ণ ডেকা, হিমাদ্ৰী শেখৰ বৰদলৈ, পলাশ ৰাজকুমাৰ আহোম; সহকাৰী আয়ুক্ত শুভম সিনহা, নম্ৰতা বৰুৱাৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande