জন্মদিনত ৰাষ্ট্ৰপতি মুৰ্মুক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
নতুন দিল্লী, ২০ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ ৰাষ্ট্ৰপতিগৰাকীৰ সাহস, সৰলতা, নম্ৰতা, আৰু জনসেৱাৰ প্ৰতি অটল সমৰ্পণৰ প্ৰশংসা কৰি কয় যে তেওঁৰ জীৱন দেশবাসীৰ বাবে অহৰহ প্ৰেৰণাৰ
राष्ट्रपति द्रौपदी मुर्मु (फाइल फोटो)


নতুন দিল্লী, ২০ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ ৰাষ্ট্ৰপতিগৰাকীৰ সাহস, সৰলতা, নম্ৰতা, আৰু জনসেৱাৰ প্ৰতি অটল সমৰ্পণৰ প্ৰশংসা কৰি কয় যে তেওঁৰ জীৱন দেশবাসীৰ বাবে অহৰহ প্ৰেৰণাৰ উৎস।

শনিবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰকাশ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰপতি মুৰ্মুৱে তেওঁৰ দীৰ্ঘদিনীয়া ৰাজহুৱা জীৱনত সুখ্যাতিৰে জাতিৰ সেৱা আগবঢ়াইছে। বিশেষকৈ অভাৱগ্ৰস্ত, দুখীয়া, প্ৰান্তীয় লোকৰ কল্যাণৰ বাবে তাই অক্লান্তভাৱে কাম কৰি আহিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ উন্নয়ন আৰু প্ৰগতিৰ প্ৰতি ৰাষ্ট্ৰপতিৰ অটল সমৰ্পণ গভীৰভাৱে প্ৰেৰণাদায়ক। তেওঁ ৰাষ্ট্ৰপতিগৰাকীক দীৰ্ঘ আৰু সুস্থ জীৱন কামনা কৰি কয় যে ভগৱানে তেওঁক ৰাষ্ট্ৰৰ সেৱা কৰিবলৈ শক্তি আৰু সুস্বাস্থ্য প্ৰদান কৰক।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande