ডিগবৈত বিনামূলীয়া অৰ্থো ফিজিঅ' চেকআপ কেম্প সম্পন্ন
তিনিচুকিয়া, ২০ জুন (হি.স.)। ডিগবৈত বিনামূলীয়া অৰ্থো ফিজিঅ'' চেকআপ কেম্প সম্পন্ন। ইণ্ডিয়ান অইল ৱাৰ্কাচ ইউনিয়ন ডিগবৈ শাখাৰ উদ্যোগত আৰু স্বস্তিক নাৰ্চিং হোম তিনিচুকীয়াৰ সহযোগত আজি ডিগবৈ অইল ফিল্ড ক্লাব প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিনামূলীয়া অৰ্থো ফ
ডিগবৈত বিনামূলীয়া অৰ্থো ফিজিঅ' চেকআপ কেম্প সম্পন্ন


তিনিচুকিয়া, ২০ জুন (হি.স.)। ডিগবৈত বিনামূলীয়া অৰ্থো ফিজিঅ' চেকআপ কেম্প সম্পন্ন। ইণ্ডিয়ান অইল ৱাৰ্কাচ ইউনিয়ন ডিগবৈ শাখাৰ উদ্যোগত আৰু স্বস্তিক নাৰ্চিং হোম তিনিচুকীয়াৰ সহযোগত আজি ডিগবৈ অইল ফিল্ড ক্লাব প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিনামূলীয়া অৰ্থো ফিজিঅ' চেকআপ কেম্প। ডা: হৰ্ষ জালান আৰু ডা: কংকনা ফুকনে অৰ্ধশতাধিক ৰোগীক চিকিৎসা প্ৰদান কৰে।

ইণ্ডিয়ান অইল ৱাৰ্কাচ ইউনিয়ন ডিগবৈ শাখাৰ সভাপতি দিগন্ত গোহাঁই আৰু সম্পাদক অভিজিত নিৰ্মলিয়াই ইউনিয়নৰ হৈ চিকিৎসকদ্বয়ৰ লগতে ৰোগী সকলক ধন্যবাদ জ্ঞাপন কৰি আগন্তুক দিনত সকলোৰে সহযোগিতা কামনা কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande