চামগুৰিৰ বাঘবৰালিত ৰে’লৰ খুন্দাত নিহত এজন যুৱক
নগাঁও, ২০ জুন (হি.স.)। নগাঁও জিলাৰ চামগুৰিৰ বাঘবৰালিত যোৱাকালি শুকুৰবাৰে নিশা সংঘটিত হৈছে এক শোকাৱহ ঘটনা । ৰে’লৰ খুন্দাত নিহত হয় এজন যুৱক। নিশা গুৱাহাটী-শিলঘাট অভিমুখী ৰেলে লোকজনক খুন্দা মৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ সকলেয়ে । ৰে’লৰ খুন্দ
চামগুৰিৰ বাঘবৰালিত ৰে’লৰ খুন্দাত নিহত এজন যুৱক


নগাঁও, ২০ জুন (হি.স.)। নগাঁও জিলাৰ চামগুৰিৰ বাঘবৰালিত যোৱাকালি শুকুৰবাৰে নিশা সংঘটিত হৈছে এক শোকাৱহ ঘটনা । ৰে’লৰ খুন্দাত নিহত হয় এজন যুৱক। নিশা গুৱাহাটী-শিলঘাট অভিমুখী ৰেলে লোকজনক খুন্দা মৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ সকলেয়ে ।

ৰে’লৰ খুন্দাত নিহত ব্যক্তিজনৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই । ঘটনাটো প্ৰথমে ৰে’ল বিভাগৰ তহলদাৰী কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰে আৰু ৰে’ল আৰক্ষীক খবৰ দিয়ে। ৰে’ল-আৰক্ষীৰ উপস্থিতিৰ পিছত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয় ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande