পশ্চিমবংগত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
–মিৰ্জাত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ –পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তিত অসমৰ ১৮.৬০ লাখ কৃষকলৈ ৩৭২.০১ কোটি টকাৰ সাহায্য গুৱাহাটী, ২০ জুন (হি.স.)। পশ্চিমবংগত অনুষ্ঠিত এক ৰাষ্ট্ৰীয় কাৰ্যসূচীত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মো
পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি, মিৰ্জাত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ


–মিৰ্জাত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

–পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তিত অসমৰ ১৮.৬০ লাখ কৃষকলৈ ৩৭২.০১ কোটি টকাৰ সাহায্য

গুৱাহাটী, ২০ জুন (হি.স.)। পশ্চিমবংগত অনুষ্ঠিত এক ৰাষ্ট্ৰীয় কাৰ্যসূচীত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিষাণ) আঁচনিৰ ২৩ সংখ্যক কিস্তি মুকলি কৰে। এই উপলক্ষে কৃষি বিভাগ, অসম চৰকাৰৰ উদ্যোগত মিৰ্জাৰ স্বহীদ ভৱনত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ পিএম-কিষাণ উৎসৱ দিৱসৰ কাৰ্যসূচীত জলসিঞ্চন, কৃষি আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰীকাই অংশগ্ৰহণ কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে পিএম-কিষাণ দেশৰ অন্যতম সফল কৃষক কল্যাণমূলক আঁচনি হিচাপে পৰিগণিত হৈছে। এই আঁচনিৰ জৰিয়তে কৃষকসকলক প্ৰত্যক্ষভাৱে আৰ্থিক সহায় আগবঢ়োৱাৰ লগতে গ্ৰাম্য অৰ্থনীতিক অধিক শক্তিশালী কৰি তোলা হৈছে। কৃষকৰ কল্যাণক অগ্ৰাধিকাৰ দি বিভিন্ন কৃষি উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

মন্ত্ৰীগৰাকীয়ে জনায় যে পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তিৰ অধীনত অসমৰ প্ৰায় ১৮.৬০ লাখ যোগ্য কৃষকে প্ৰত্যক্ষ লাভ হস্তান্তৰ (ডবিটি) ব্যৱস্থাৰ জৰিয়তে মুঠ প্ৰায় ৩৭২.০১ কোটি টকাৰ আৰ্থিক সহায় লাভ কৰিছে। তেওঁ লগতে কয় যে এই আঁচনিৰ অধীনত অসমত কৃষকসকললৈ এতিয়ালৈকে স্থানান্তৰিত হোৱা মুঠ ধনৰ পৰিমাণ প্ৰায় ৮,২৯৩.০৭ কোটি টকালৈ বৃদ্ধি পাইছে।

কৃষকৰ আয় বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি পীযুষ হাজৰীকাই কৃষকসকলক কেৱল পৰম্পৰাগত শস্য খেতিত সীমাবদ্ধ নাথাকি অধিক লাভজনক, বজাৰমুখী আৰু উচ্চ মূল্যৰ শস্য তথা অন্যান্য কৃষিভিত্তিক কাৰ্যকলাপৰ দিশে আগবাঢ়িবলৈ আহ্বান জনায়। শস্য বৈচিত্ৰ্যকৰণ, আধুনিক কৃষি পদ্ধতি গ্ৰহণ আৰু চৰকাৰী আঁচনিসমূহৰ সুফল গ্ৰহণৰ জৰিয়তে কৃষকসকলে উৎপাদনশীলতা বৃদ্ধি কৰাৰ লগতে অধিক আয় উপাৰ্জন কৰিব পাৰিব বুলি তেওঁ কয়।

মন্ত্ৰীগৰাকীয়ে কৃষকসকলক যোগান ধৰা বীজ আৰু ৰোপণ সামগ্ৰীৰ গুণগত মান নিশ্চিত কৰাৰ ক্ষেত্ৰত কৃষি বিভাগৰ বিষয়াসকলক কঠোৰ সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে। যোগানকাৰী প্ৰতিষ্ঠানসমূহৰ পৰা কোনো ধৰণৰ নিম্নমানৰ বা দুৰ্নীতিগ্ৰস্ত বীজ গ্ৰহণ বা বিতৰণ নকৰিবলৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰি তেওঁ কয় যে কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত ৰাখিবলৈ আৰু কৃষি উৎপাদনশীলতা বৃদ্ধি কৰিবলৈ গুণগত মানসম্পন্ন বীজ আৰু কৃষি উপকৰণ নিশ্চিত কৰাটো অতি জৰুৰী।

তেওঁ লগতে পিএম-কিষাণ আৰু অন্যান্য কৃষি আঁচনিৰ সুবিধা সকলো যোগ্য কৃষকৰ ওচৰলৈ নিৰৱচ্ছিন্নভাৱে পোৱাটো নিশ্চিত কৰিবলৈ কৃষক পঞ্জীয়ন, ফাৰ্মাৰ আইডি সৃষ্টি, ই-কেৱাইচি সম্পূৰ্ণকৰণ, আধাৰ-বেংক সংযোগ, ভূমি নথি উন্নীতকৰণ আৰু ডিজিটেল ক্ৰপ ছাৰ্ভেৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

অনুষ্ঠানত স্থানীয় বিধায়ক হিমাংশু শেখৰ বৈশ্য, কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গ, জিলা প্ৰশাসনৰ প্ৰতিনিধি, কৃষক আৰু অন্যান্য অংশীদাৰসকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande