চিৰাঙৰ চিদলীত বন্যজীৱ সৰবৰাহকাৰী দলৰ বিৰুদ্ধে অসম আৰক্ষীৰ এছ টি এফ ৰ অভিযান
চিৰাং, ২০ জুন (হি.স.)। চিৰাঙৰ চিদলীত বন্যজীৱ সৰবৰাহকাৰী দলৰ বিৰুদ্ধে অসম আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চ (STF) ৰ অভিযান।অভিযানত দুষ্প্ৰাপ্য প্ৰজাতিৰ সোণালী বান্দৰ, এখন মহিন্দ্ৰা স্কৰ''পিও আৰু এখন টাটা নেনো বাহনৰ সৈতে বন্যজীৱ সৰবৰাহকাৰী আন্তৰ্জাতিক চক্ৰৰ ম
চিৰাঙৰ চিদলীত বন্যজীৱ সৰবৰাহকাৰী দলৰ বিৰুদ্ধে অসম আৰক্ষীৰ এছ টি এফ ৰ অভিযান


চিৰাং, ২০ জুন (হি.স.)। চিৰাঙৰ চিদলীত বন্যজীৱ সৰবৰাহকাৰী দলৰ বিৰুদ্ধে অসম আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চ (STF) ৰ অভিযান।অভিযানত দুষ্প্ৰাপ্য প্ৰজাতিৰ সোণালী বান্দৰ, এখন মহিন্দ্ৰা স্কৰ'পিও আৰু এখন টাটা নেনো বাহনৰ সৈতে বন্যজীৱ সৰবৰাহকাৰী আন্তৰ্জাতিক চক্ৰৰ মুঠ ৯ গৰাকী সদস্যক আটক কৰে।ভয়ংকৰ কথা যে আটকাধীন ৯ গৰাকী বন্যজীৱ সৰবৰাহকাৰী সকলৰ ভিতৰত এজন বাংলাদেশী নাগৰিক আছে , বাকী ৫ গৰাকী হৈছে পশ্চিমবংগৰ আৰু তিনি গৰাকী অসমৰ ।

এক বিশ্বস্ত সুত্ৰৰ পম খেদি কালি নিশা গুৱাহাটীৰ পৰা অহা এছ টি এফ ৰ এটা দলে চিদলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত অভিযান চলাই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ডব্লিউ বি ০৬ কিউ ৩৭৫৫ পঞ্জীয়ন নম্বৰৰ মহিন্দ্ৰা স্কৰ'পিও বাহন আৰু এ এছ ২৬ এ ৫১৯০ পঞ্জীয়নৰ এটা টাটা নেনো জব্দ কৰে আৰু স্কৰ'পিও বাহনখনৰ ভিতৰৰ পৰা ৭ টা সোণালী বান্দৰ জীৱিত অৱস্থাত উদ্ধাৰ কৰে ।লগতে বাহনৰ দুখনৰ পৰা মুঠ ৯ গৰাকী সৰবৰাহীক আটক কৰে । দুৰ্ভাগ্যজনক কথা আঠটা সোণালী বান্দৰৰ ভিতৰত এটা সোণালী বান্দৰ মৃত অৱস্থাত উদ্ধাৰ কৰে ।প্ৰাপ্ত খবৰ অনুসৰি উদ্ধাৰ কৰা সোণালী বান্দৰ কেইটা চিৰাং জিলাৰ নৱগঠিত চিকনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ পৰা স্থানীয় বনধ্বংস কৰা বেদখলকাৰী সকলে আন্তৰ্জাতিক বন্যজীৱ সৰবৰাহকাৰী চক্ৰৰ হাতত বিক্ৰী কৰিছিল ।বন্যজীৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande