নাজিৰা ন-মাটি শাখা সাহিত্য সভাৰ উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন
শিৱসাগৰ, ২০জুন (হি.স.)। নাজিৰা ন-মাটি শাখা সাহিত্য সভাৰ উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন। উক্ত অনুষ্ঠানতে ২০২৬ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ-ছাত্ৰীক অভিনন্
নাজিৰা ন-মাটি শাখা সাহিত্য সভাৰ উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন


শিৱসাগৰ, ২০জুন (হি.স.)। নাজিৰা ন-মাটি শাখা সাহিত্য সভাৰ উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন। উক্ত অনুষ্ঠানতে ২০২৬ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন। শিৱসাগৰ জিলা উপায়ুক্ত সাহিত্য সভা আৰু শান্তি সাহিত্য মন্দিৰ, ন-মাটি শাখা সাহিত্য সভাৰ উদ্যোগত আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়।

নাজিৰা ন-মাটিস্থ সাহিত্যপ্ৰাণ ভোলানাথ দত্ত আৰু স্বৰ্ণলতা দত্ত ভৱন তথা জিলা আৰু ন-মাটি শাখা সাহিত্য সভাৰ কাৰ্যালয় প্ৰাংগণত উদযাপন হোৱা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ কাৰ্যসূচী মৰ্মে পুৱা সাহিত্য সভাৰ পতাকা উত্তোলন, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনৰ পিছতে শাখাৰ সভাপতিৰ সভাপতিত্বত অনুষ্ঠিত সভাত ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি ৰাভাৰ দৰ্শন, কাৰ্যপন্থা আৰু আদৰ্শৰ ওপৰত আলোকপাত কৰি বক্তব্য আগবঢ়ায়।

অনুষ্ঠানত ২০২৬ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰাৰ লগতে কৃতি প্ৰধান শিক্ষয়িত্ৰী হেমলতা চুতীয়া ন্যাস সোঁৱৰণী বঁটা আৰু মা-ধৰ্ম বঁটা প্ৰদান কৰা হয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande