বকোত মন্ত্ৰী পিযুষ হাজৰিকাৰ জলসিঞ্চন বিভাগৰ পাইলট প্ৰজেক্ট পৰিদৰ্শন
কামৰূপ, ২০ জুন (হি.স.)। বকোত মন্ত্ৰী পিযুষ হাজৰিকা। জলসিঞ্চন বিভাগৰ পাইলট প্ৰজেক্ট পৰিদৰ্শন। ১৪২৭ হেক্টৰ কৃষিভূমি সামৰি ৩৪.৮ কোটি টকীয়া কেন্দ্ৰীয় আঁচনি। প্ৰথমে ১৪২৭ হেক্টৰ কৃষিভূমি সামৰি বকো ৰাজাপাৰাত ৰাজ্যৰ জলসিঞ্চন বিভাগে গ্ৰহণ কৰিছে এক অভিলাষী
বকোত মন্ত্ৰী পিযুষ হাজৰিকাৰ জলসিঞ্চন বিভাগৰ পাইলট প্ৰজেক্ট পৰিদৰ্শন


কামৰূপ, ২০ জুন (হি.স.)। বকোত মন্ত্ৰী পিযুষ হাজৰিকা। জলসিঞ্চন বিভাগৰ পাইলট প্ৰজেক্ট পৰিদৰ্শন। ১৪২৭ হেক্টৰ কৃষিভূমি সামৰি ৩৪.৮ কোটি টকীয়া কেন্দ্ৰীয় আঁচনি। প্ৰথমে ১৪২৭ হেক্টৰ কৃষিভূমি সামৰি বকো ৰাজাপাৰাত ৰাজ্যৰ জলসিঞ্চন বিভাগে গ্ৰহণ কৰিছে এক অভিলাষী পানী যোগান আঁচনিৰ স্থলী আজি পৰিদৰ্শন কৰে ৰাজ্যৰ নৱ নিযুক্ত কৃষিমন্ত্ৰী পিযুষ হাজৰিকাই।

অসমৰ ভিতৰতে বকো ৰাজাপাৰাত পাইলট প্ৰজেক্ট হিচাপে গ্ৰহণ কৰা ছিংঙুৱা পানী যোগান আঁচনিৰ বাবে ইতিমধ্যে ধাৰ্য কৰা হৈছে ৩৪.৮ কোটি টকা। প্ৰতিডৰা কৃষিভূমি লৈ পানী যোগান ধৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই অভিলাষী আঁচনিৰ পাইলট প্ৰজেক্টৰ বকো ৰাজাপাৰা আৰু ডিৰিমাত উপস্থিত হয় মন্ত্ৰী পিযুষ হাজৰিকা। নতুন আঁচনি অনুসৰি কেনেল অৰ্থাৎ নলাৰ পৰিৱৰ্তে মাটিৰ তলেৰে পাইপৰ জৰিয়তে কৃষিভূমিত যোগান ধৰা হব পানী। অসমৰ প্ৰথমটো প্ৰকল্প হিচাপে কাম ক্ষীপ্ৰতাৰে কৰাৰ দিশত স্থানীয় ৰাইজৰ সহযোগিতা কামনা কৰিছে মন্ত্ৰী পিযুষ হাজৰিকাই।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande