দৰং মহাবিদ্যালয়ৰ অধ্যক্ষৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লৈ স্মাৰকপত্ৰ প্ৰদান
শোণিতপুৰ, ২০ জুন (হি.স.)। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয়সমূহত পৰ্যাপ্ত শিক্ষক সহ কোনোধৰণৰ আন্তঃগাথঁনিৰ গঢ়ি নোতোলাকৈ চাৰি বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম প্ৰৱৰ্তনৰ পিছত ছাত্ৰ-ছাত্ৰীৰ মনত যি চৰম অনিশ্চয়তাৰ সৃষ্টি হৈছে ইয়াৰ সমাধানৰ বাবে
দৰং মহাবিদ্যালয়ৰ অধ্যক্ষৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লৈ স্মাৰকপত্ৰ প্ৰদান

শোণিতপুৰ, ২০ জুন (হি.স.)। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয়সমূহত পৰ্যাপ্ত শিক্ষক সহ কোনোধৰণৰ আন্তঃগাথঁনিৰ গঢ়ি নোতোলাকৈ চাৰি বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম প্ৰৱৰ্তনৰ পিছত ছাত্ৰ-ছাত্ৰীৰ মনত যি চৰম অনিশ্চয়তাৰ সৃষ্টি হৈছে ইয়াৰ সমাধানৰ বাবে এ আই ডি এছ অ’ৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত আজি দৰং মহাবিদ্যালয়ৰ অধ্যক্ষৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লৈ এখন চাৰিদফীয়া দাবীৰে ভিত্তিত স্মাৰকপত্ৰ প্ৰদান কৰা হয়।

স্মাৰক পত্ৰত উল্লেখিত দাবীসমূহ---

১) মেজৰ বিষয় লৈ তিনিবছৰীয়া স্নাতক পাঠ্যক্ৰম উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলৰ চাৰ্টিফিকেটত (মেজৰ সহ উত্তীৰ্ণ) লিখাৰ ব্যৱস্থা কৰা।

২) তিনিবছৰীয়া স্নাতক পাঠ্যক্ৰম উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ ভৰ্তিৰ বাবে স্নাতকোত্তৰ পাঠ্যক্ৰমত প্ৰয়োজনীয় সংখ্যক আসন সৃষ্টিৰ ব্যৱস্থা কৰা।

৩) উপযুক্ত আন্তঃগাঁথনি নথকা ৰাজ্য অসমত দেশৰ বহু ৰাজ্যৰ দৰে আগন্তুক শিক্ষাবৰ্ষৰ পৰা আগৰ দৰেই তিনিবছৰীয়া স্নাতক পাঠ্যক্ৰম প্ৰচলনৰ ব্যৱস্থা কৰা ।

৪) ৰাজ্যৰ শিক্ষাবিশেষজ্ঞ, শিক্ষাবিদ, শিক্ষক , মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু ছাত্ৰ সংগঠন সহ সংশ্লিষ্ট সকলোকে লৈ আলাপ-আলোচনাৰ মাধ্যমেৰে ঐচ্ছিক ক'ৰ্চ হিচাপে চাৰিবছৰীয়া ডিগ্ৰী ক'ৰ্চ প্ৰৱৰ্তন কৰি মাথোন ইচ্ছুক ছাত্ৰ-ছাত্ৰী সকলৰ বাবেহে ভৰ্তিৰ ব্যৱস্থাৰে এই সমস্যাৰ সমাধান কৰা ।

ইয়াৰ উপৰিও স্মাৰক পত্ৰত উল্লেখ কৰা হয় যে সমগ্ৰ অসমৰ প্ৰায়বোৰ মহাবিদ্যালয়তে অসংখ্য শিক্ষক আৰু কৰ্মচাৰী পদ দীৰ্ঘদিন ধৰি খালী হৈ আছে। য'ত তিনি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বাবেও পৰ্যাপ্ত শিক্ষক, শ্ৰেণীকোঠা, পৰীক্ষাগাৰৰ অভাৱ। ‘বহু-শাখা পাঠ্যক্ৰম’ৰ আৱৰণত ছাত্ৰ-ছাত্ৰীসকলক এনে পাঠ্যক্ৰমৰ বাবে প্ৰয়োজনীয় ন্যূনতম সুবিধাৰ অভাৱৰ পিছতো বেছিভাগ কলেজতে নিজৰ মূল শাখাৰ সৈতে অসঙ্গতিপূৰ্ণ বিষয় অধ্যয়ন কৰিবলৈ বাধ্য কৰা হৈছে। ফলস্বৰূপে ছাত্ৰ-ছাত্ৰীসকলক অপ্ৰয়োজনীয়ভাৱে বোজা জাপি দিয়া হৈছে, আৰু তেওঁলোকৰ মূল বিষয়সমূহৰ গভীৰ আৰু ব্যাপক জ্ঞানৰ সন্ধানত বাধাৰ সৃষ্টি হৈছে। বিশেষকৈ গ্ৰাম্য অঞ্চলত শিক্ষাৰ বাবে শ্ৰেণীকোঠাৰ বিশেষ অভাৱ দেখা যায়, কলেজসমূহে প্ৰায়ে মাত্ৰ এজন বা দুজন টিউটৰৰ সহায়ত পৰিচালনা কৰে। এনে পৰিস্থিতিত উচ্চ শিক্ষাৰ শৈক্ষিক পৰিবেশ ধ্বংস নকৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে নৱগঠিত অসম চৰকাৰকো আহ্বান জনায়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয়সমূহত পৰ্যাপ্ত শিক্ষক সহ কোনোধৰণৰ আন্তঃগাথঁনিৰ গঢ়ি নোতোলাকৈ চাৰি বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম প্ৰৱৰ্তনৰ পিছত ছাত্ৰ-ছাত্ৰীৰ মনত যি চৰম অনিশ্চয়তাৰ সৃষ্টি হৈছে ইয়াৰ সমাধানৰ বাবে এ আই ডি এছ অ’ৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত আজি দৰং মহাবিদ্যালয়ৰ অধ্যক্ষৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লৈ এখন চাৰিদফীয়া দাবীৰে ভিত্তিত স্মাৰকপত্ৰ প্ৰদান কৰা হয়। স্মাৰক পত্ৰত উল্লেখিত দাবীসমূহ---

১) মেজৰ বিষয় লৈ তিনিবছৰীয়া স্নাতক পাঠ্যক্ৰম উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলৰ চাৰ্টিফিকেটত (মেজৰ সহ উত্তীৰ্ণ) লিখাৰ ব্যৱস্থা কৰা।

২) তিনিবছৰীয়া স্নাতক পাঠ্যক্ৰম উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ ভৰ্তিৰ বাবে স্নাতকোত্তৰ পাঠ্যক্ৰমত প্ৰয়োজনীয় সংখ্যক আসন সৃষ্টিৰ ব্যৱস্থা কৰা।

৩) উপযুক্ত আন্তঃগাঁথনি নথকা ৰাজ্য অসমত দেশৰ বহু ৰাজ্যৰ দৰে আগন্তুক শিক্ষাবৰ্ষৰ পৰা আগৰ দৰেই তিনিবছৰীয়া স্নাতক পাঠ্যক্ৰম প্ৰচলনৰ ব্যৱস্থা কৰা ।

৪) ৰাজ্যৰ শিক্ষাবিশেষজ্ঞ, শিক্ষাবিদ, শিক্ষক , মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু ছাত্ৰ সংগঠন সহ সংশ্লিষ্ট সকলোকে লৈ আলাপ-আলোচনাৰ মাধ্যমেৰে ঐচ্ছিক ক'ৰ্চ হিচাপে চাৰিবছৰীয়া ডিগ্ৰী ক'ৰ্চ প্ৰৱৰ্তন কৰি মাথোন ইচ্ছুক ছাত্ৰ-ছাত্ৰী সকলৰ বাবেহে ভৰ্তিৰ ব্যৱস্থাৰে এই সমস্যাৰ সমাধান কৰা ।

ইয়াৰ উপৰিও স্মাৰক পত্ৰত উল্লেখ কৰা হয় যে সমগ্ৰ অসমৰ প্ৰায়বোৰ মহাবিদ্যালয়তে অসংখ্য শিক্ষক আৰু কৰ্মচাৰী পদ দীৰ্ঘদিন ধৰি খালী হৈ আছে। য'ত তিনি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বাবেও পৰ্যাপ্ত শিক্ষক, শ্ৰেণীকোঠা, পৰীক্ষাগাৰৰ অভাৱ। ‘বহু-শাখা পাঠ্যক্ৰম’ৰ আৱৰণত ছাত্ৰ-ছাত্ৰীসকলক এনে পাঠ্যক্ৰমৰ বাবে প্ৰয়োজনীয় ন্যূনতম সুবিধাৰ অভাৱৰ পিছতো বেছিভাগ কলেজতে নিজৰ মূল শাখাৰ সৈতে অসঙ্গতিপূৰ্ণ বিষয় অধ্যয়ন কৰিবলৈ বাধ্য কৰা হৈছে।

ফলস্বৰূপে ছাত্ৰ-ছাত্ৰীসকলক অপ্ৰয়োজনীয়ভাৱে বোজা জাপি দিয়া হৈছে, আৰু তেওঁলোকৰ মূল বিষয়সমূহৰ গভীৰ আৰু ব্যাপক জ্ঞানৰ সন্ধানত বাধাৰ সৃষ্টি হৈছে। বিশেষকৈ গ্ৰাম্য অঞ্চলত শিক্ষাৰ বাবে শ্ৰেণীকোঠাৰ বিশেষ অভাৱ দেখা যায়, কলেজসমূহে প্ৰায়ে মাত্ৰ এজন বা দুজন টিউটৰৰ সহায়ত পৰিচালনা কৰে। এনে পৰিস্থিতিত উচ্চ শিক্ষাৰ শৈক্ষিক পৰিবেশ ধ্বংস নকৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে নৱগঠিত অসম চৰকাৰকো আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ

 rajesh pande