
গোৱালপাৰা, ২০জুন (হি.স.)। গোৱালপাৰাৰ লক্ষীপুৰত বনৰীয়া হাতীৰ সন্ত্ৰাস l হাতীৰ আক্ৰমণত গুৰুতৰভাবে আহত হয় এগৰাকী মহিলা l আহত মহিলাজনীৰ নাম নীলগি ৰাভা । উল্লেখ্য যে , বহুদিন ধৰি লক্ষীপুৰ বনাঞ্চলত আশ্ৰয় লৈ আছে বন্যহস্তীৰ এটি বৃহৎ জাক । কালি নিশা খাদ্যৰ সন্ধানত জাকটোৰ পৰা কেইটামান হাতী ঢোকাপাৰা গাঁৱত প্ৰৱেশ কৰিছিল ।
টিনপাতেৰে সজ্জিত সৰু চাপৰাত জীৱন অতিবাহিত কৰা নীলগি ৰাভাই হাতীৰ উপস্থিতিৰ উমান পাই পলায়ণৰ চেষ্টা কৰে । তেতিয়া হাতীয়ে নীলগি ৰাভাক আগচি ধৰে আৰু গচকত গুৰুতৰভাৱে আহত হয় । নিজ বাসস্থানৰ পৰা পঞ্চাশ মিটাৰ নিলগৰ খেতি পথাৰত আহত নীলগি ৰাভা অচেতন অৱস্থাত পৰি থাকে ।
পুৱাৰ ভাগত স্থানীয় লোকে নীলগি ৰাভাক খেতি পথাৰত পৰি থকা দেখি লগে লগে বন বিভাগক খবৰ দিয়ে । খবৰ পাই বন বিভাগে ততাতৈয়াকৈ ঘটনাস্থলীত গৈ আহত নীলগিক মুমূর্ষু অৱস্থাত উদ্ধাৰ কৰি লক্ষীপুৰস্থ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে । আহত নীলগি ৰাভাক লক্ষীপুৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও স্বাস্থ্যৰ অৱনতিৰ প্ৰতি লক্ষ্য কৰি উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা লৈ নিয়াৰ উপদেশ দিয়ে । কিন্তু , অতিকৈ দৰিদ্ৰ নীলগি ৰাভাই সম্প্ৰতি অৰ্থৰ অভাৱত উক্ত চিকিৎসালয়তে পৰি ৰৈছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা