
হোজাই, ২০ জুন (হি.স.)। হোজাই জিলা কৃষি বিভাগৰ উদ্যোগত লংকাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত প্ৰাকৃতিক কৃষি কৰ্মৰ ওপৰত অনুষ্ঠিত হয় এখনি কৰ্মশালা।
চৰকাৰী আচনীৰ জৰিয়তে কেনেদৰে প্ৰাকৃতিক কৃষি কৰ্ম কৰি কৃষক ৰাইজ লাভবান হৱ পাৰে তাৰ ওপৰত উক্ত কৰ্মশালাত আলোচনা কৰা হয় ।
লগতে দেশৰ প্ৰধানমন্ত্ৰীৰ ১২ বছৰীয়া কাৰ্যকালত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে কৃষক তথা খেতি কৰ্মৰ ওপৰত লোৱা চৰকাৰী আঁচনি আৰু তাৰ লাভালাভৰ ওপৰত উক্ত কৰ্মশালাত আলোকপাত কৰা হয় ।
উক্ত কৰ্মশালাত হোজাই জিলাৰ একাংশ কৃষকক ভূমি স্বাস্থ্য কাৰ্ড বিতৰণ কৰা লগতে দুগৰাকী আদৰ্শ কৃষকক উন্নতমানৰ শস্যৰ বীজ প্ৰদান কৰা হয় ।উক্ত সভাত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা,হোজাই জিলাৰ আয়ুক্ত দেৱ প্ৰসাদ মিশ্ৰ,জিলা অতিৰিক্ত আয়ুক্ত,হোজাই জিলাৰ কৃষি বিভাগৰ লোক সহ হাজাৰতকৈ অধিক হোজাই জিলাৰ কৃষক ৰাইজ উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা