কলিয়াবৰৰ মিছা গুডামঘাটত কলঙ নদীত নিখোজ এজন
নগাঁও, ২০ জুন (হি.স.)। কলিয়াবৰৰ মিছা গুডামঘাটত অঘটন। কলঙত মাছ ধৰিবলৈ গৈ নিখোজ এজন লোক। সন্ধানহীন লোকজনক গুডামঘাটৰ ৰাজকুমাৰ মণ্ডল বুলি চিনাক্ত কৰা হৈছে। স্থানীয় লোকে সন্ধান চলাই লোকজনক বিচাৰি উলিয়াব পৰা নাই। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষী।

ঘটনাস্থলীলৈ ৰাওনা হৈছে কলিয়াবৰৰ পৰা এছডিআৰএফ ৰ দল। নদী খনত নিখোজ লোকজনৰ সন্ধানত এছডিআৰএফৰ

অভিযান অব্যাহত আছে। বৰ্তমানলৈ নিখোজ লোকজনক উদ্ধাৰ কৰিব সক্ষম হোৱা নাই উদ্ধাৰকাৰী এছডিআৰএফ ৰ দল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা

 rajesh pande