

গুৱাহাটী, ২০ জুন (হি.স.)। ডিমৰীয়াৰ লোকশিল্পী ধীৰেশ্বৰ ৰংহাঙলৈ কলাগুৰু বঁটা
অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদে ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত প্ৰদান কৰিলে এই বঁটা,,
অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে ডিমৰীয়া বিধান পৰিষদৰ সহযোগত সোণাপুৰৰ বৰখাটত আয়োজন কৰা কেন্দ্ৰীয় ৰাভা দিৱসৰ কাৰ্যসূচীত লোকশিল্পী ধীৰেশ্বৰ ৰংহাঙলৈ আগবঢ়োৱা হ'ল এই বঁটা।
বিগত দুটা দশক ধৰি লোকসংগীতৰ সাধনা কৰাৰ সমান্তৰালভাৱে নীৰৱে কৃষিকাৰ্যত মনোনিৱেশ কৰি অতি সাধাৰণ জীৱন-যাপন কৰা এইগৰাকী স্বভাৱ শিল্পীলৈ আগবঢ়োৱা হ'ল এইবেলিৰ যুৱ পৰিষদৰ কলাগুৰু বঁটা।
কোনো দিনেই বঁটা বাহনৰ পিচত নদৌৰা এইগৰাকী চহা শিল্পীয়ে এনেদৰে এক ৰাজহুৱা স্বীকৃতি লাভ কৰি উৎফুল্লিত হৈ পৰে।
এই কাৰ্যসূচীত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে ডিমৰীয়া সমষ্টিৰ বিধায়ক ড০ তপন দাস উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / Narayan Kar