
ধুবুৰী, ২০ জুন (হি.স.)। চাপৰত অনুষ্ঠিত হয় জন কল্যাণ শিবিৰ। চাপৰ শালকোচা খণ্ড উন্নয়ন কাৰ্যালয়ৰ সভাকক্ষত জন কল্যাণ শিবিৰ অনুষ্ঠিত হয়। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১২ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এই শিবিৰত জনসাধাৰণৰ কল্যাণৰ স্বাৰ্থত বিভিন্ন চৰকাৰী আঁচনি আৰু সমস্যা সমূহৰ ওপৰত আলোচনা কৰা হয়।
অনুষ্ঠানত বিলাসীপাৰা সমষ্টিৰ বিধায়ক জীৱেশ ৰায়ে কেইবাখনো শিক্ষা প্ৰতিষ্ঠান আৰু আৰক্ষী থানাৰ ভূমিৰ পট্টা আৰু বিভিন্ন প্ৰমাণ পত্ৰ বিতৰণ কৰে। লগতে ভূমি, কৃষি, শিক্ষা, স্বাস্থ্য, খাদ্য, অৰুণোদয় আঁচনি, প্ৰধানমন্ত্ৰী আবাস যোজনা, চৰকাৰী পেঞ্চন, বৃদ্ধা পেঞ্চন আৰু মহিলা সবলীকৰণ আদি বিষয়ৰ ওপৰত পৰ্যালোচনা কৰা হয়। অনুষ্ঠানত সমজিলা আয়ুক্তা ড° প্ৰীতি লেখা ডেকা, চাপৰ ৰাজহ চক্ৰ বিষয়া শশীভূষণ ৰাজকোঁৱৰ, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু বৃহৎ সংখ্যক ৰাইজ উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা