গোগামুখত কেন্দ্ৰীয় ভাৱে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন
ধেমাজি, ২০ জুন (হি.স.)। গোগামুখত কেন্দ্ৰীয় ভাৱে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন। ঐনিঃতমৰ সম্ৰাগ্ৰী সংগীত নাটক একাডেমী বটাঁ প্ৰাপক তৰাৱতী মিলি বড়িক প্ৰদান কৰা হ’ল “ বিষ্ণুৰাভা স্মাৰক বটাঁ ” ৷ অসম সাহিত্য সভা আৰু শ্ৰী মন্ত শংকৰদেৱ সংঘৰ যৌ
গোগামুখত কেন্দ্ৰীয় ভাৱে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন


ধেমাজি, ২০ জুন (হি.স.)। গোগামুখত কেন্দ্ৰীয় ভাৱে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন।

ঐনিঃতমৰ সম্ৰাগ্ৰী সংগীত নাটক একাডেমী বটাঁ প্ৰাপক তৰাৱতী মিলি বড়িক প্ৰদান কৰা হ’ল “ বিষ্ণুৰাভা স্মাৰক বটাঁ ” ৷

অসম সাহিত্য সভা আৰু শ্ৰী মন্ত শংকৰদেৱ সংঘৰ যৌথ উদ্যোগত ধেমাজি জিলা সাহিত্য সভা সহযোগত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আতিথ্যত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি কেন্দ্ৰীয় ভাৱে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন।

পুৱা পতাকা উত্তোলন কৰে ধেমাজি জিলা সাহিত্য সভা সভাপতি ৰণজিত চিৰিংঙে। বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জিতেন শইকীয়াই। সমবেত সংগীতেৰে সভাৰ কাৰ্যসূচী আৰম্ভ কৰে। পৰিৱেশণ কৰে বিদ্যালয় ছাত্ৰ-ছাত্ৰী সকলে। ইয়াৰ পিছতেই অসম সাহিত্য সভাৰ সভাপতি গোস্বামীৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি অধিৱেশনত উপস্থিত থাকে উপ সভাপতি পদুম ৰাজখোৱা, শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ পদাধিকাৰ ড° ভৱেন্দ্ৰ নাথ ডেকা, প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, নিদিষ্ট বক্তা ড° মৃনাল কুমাৰ বৰুৱা, মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া কে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ সমান্তৰালভাৱে গোগামুখৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি অংশগ্ৰহণ কৰে৷

বাইট: দেৱজিৎ বৰা

প্ৰধান সম্পাদক

অসম সাহিত্য সভা।

কুশল ঠাকুৰীয়া

প্ৰধান সম্পাদক

শ্ৰীমন্তশঙ্কৰদেৱ সংঘ ।

তৰাৱতী মিলি বড়ি

বিষ্ণুৰাভা স্মাৰক বটাঁ প্ৰাপক ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande