দুলীয়াজানত সংঘটিত অগ্নিকাণ্ডত দুটা কোঠা ভস্মীভূত
ডিব্ৰুগড়, ২০ জুন (হি.স.)। দুলীয়াজানত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। দুলীয়াজানৰ মধুটিং চাহ বাগিচাৰ খেণ্ট লাইনৰ এটা বাসগৃহত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। নকুল খাৰিড়া নামৰ লোক জনৰ বাসগৃহত সংঘটিত অগ্নিকাণ্ড । ঘটনাস্থলীত অইল ইণ্ডিয়া লিমিটেডৰ দুখনকৈ অগ্
দুলীয়াজানত সংঘটিত অগ্নিকাণ্ডত দুটা কোঠা ভস্মীভূত


ডিব্ৰুগড়, ২০ জুন (হি.স.)। দুলীয়াজানত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। দুলীয়াজানৰ মধুটিং চাহ বাগিচাৰ খেণ্ট লাইনৰ এটা বাসগৃহত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। নকুল খাৰিড়া নামৰ লোক জনৰ বাসগৃহত সংঘটিত অগ্নিকাণ্ড । ঘটনাস্থলীত অইল ইণ্ডিয়া লিমিটেডৰ দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

বহু মূল্যবান সা-সম্পত্তি জুইত জাহ যায় । উক্ত অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও দুটা কোঠা ভস্মীভূত হয়। এই পৰ্যন্ত অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নায়। এই অগ্নিকাণ্ড কেইবাটাও বাসগৃহলৈ বিয়পাৰ আশংকাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande