আৰ্থিক অনাটন সপোনৰ পথত হেঙাৰ ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ পূজা ৰাজবংশীৰ
কিন্তু আৰ্থিক অনাটনে এতিয়া সপোনৰ পথত হেঙাৰ হৈ থিয় দিছে তামুলপুৰ জিলাৰ নিঝাৰগাঁওৰ খেলুৱৈ পূজা ৰাজবংশীৰ।
আৰ্থিক অনাটন সপোনৰ পথত হেঙাৰ ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ পূজা ৰাজবংশীৰ


বাক্সা ২০ জুন (হি.স.): প্ৰতিভা আছে, আছে আগবাঢ়ি যোৱাৰ অদম্য ইচ্ছাশক্তিও । কিন্তু আৰ্থিক অনাটনে এতিয়া সপোনৰ পথত হেঙাৰ হৈ থিয় দিছে তামুলপুৰ জিলাৰ নিঝাৰগাঁওৰ খেলুৱৈ পূজা ৰাজবংশীৰ। সোনেশ্বৰ ৰাজবংশী আৰু মিনু ৰাজবংশীৰ কন্যা পূজাই কাবাডী আৰু আৰ্মৰেষ্টিলিং খেলত ৰাজ্যিক পৰ্যায়লৈকে নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।

টিহুৰ ডিম্বেশ্বৰ পাঠকৰ পৰা প্ৰশিক্ষণ লৈ তেওঁ গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল । কিন্তু এতিয়া খেলৰ বাবে প্ৰয়োজনীয় সা-সঁজুলি, প্ৰশিক্ষণ আৰু যাতায়াতৰ খৰচ বহন কৰিৱ নোৱাৰা বাবে ঘৰতে ইটা, ৰদেৰে ঘৰতে লৈছে প্ৰশিক্ষণ । এতিয়া পৰিয়ালটোৰ বাবে দিনক দিনে কঠিন হৈ পৰিছে ।

পিতৃ বহিৰাজ্যৰ এটা কোম্পানিত কৰ্মৰত ফলত এতিয়া আৰ্থিক অভাৱৰ বাবে থমকি ৰোৱাৰ উপক্ৰম হৈছে । সেয়ে কৃতী খেলুৱৈগৰাকীয়ে চৰকাৰ তথা স্থানীয় বিধায়ক ভিক্টৰ কুমাৰ দাসৰ লগতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ ওচৰত সহায়ৰ আহ্বান জনাইছে । লগতে উপযুক্ত সহায় লাভ কৰিলে ভৱিষ্যতে ৰাজ্য তথা দেশৰ নাম উজ্বল কৰিবলৈ সক্ষম হ'ব বুলি আশা ব্যক্ত কৰিছে পূজাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande