
কোকৰাঝাৰ, ২০ জুন (হি.স.)। গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত ১ নম্বৰ জাৰাগুৰী গাঁৱত আজি পুৱতি নিশা বজ্ৰপাত পৰি এজন কৃষকৰ মৃত্যু হয় । খেতি পথাৰত হাল মাৰিবলৈ গৈ মৃত্যুক সাৱতি লয় কৃষক গৰাকীয়ে। শোকাবহ মৃত্যুক আকোৱালি লোৱা কৃষক জনক গাঁওখনৰ বাসিন্দা ৰেফেন্দ্ৰ নাৰ্জাৰী বুলি চিনাক্ত কৰা হৈছে।
ঘটনাত হাল মাৰি থকা এটা পশুধনৰো মৃত্যু হয়। উক্ত ঘটনাস্থলীত শিমুলটাপু আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু মৃতদেহ মৰোণত্তোৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ