এটা ছিঙা পাঁচ টকীয়া নোটক লৈ বৰপেটাৰ খোলাবান্ধাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
এটা ছিঙা পাঁচ টকীয়া নোটক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় বৰপেটাৰ খোলাবান্ধাত।
এটা ছিঙা পাঁচ টকীয়া নোটক লৈ বৰপেটাৰ খোলাবান্ধাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি


বৰপেটা, ২০ জুন (হি.স.): বৰপেটাৰ খোলাবান্ধাত এটা ছিঙা পাঁচ টকীয়া নোটক লৈ যোৱা কালি শুকুৰবাৰে সন্ধিয়া উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । এগৰাকী মহিলাই গাঁৱৰ এখন দোকানৰ পৰা বিস্কুট কিনি এখন ছিঙা পাঁচ টকীয়া নোট দিয়াত মহিলা দোকানীগৰাকীয় নোট খনৰ অৱস্থা দেখি লব নিবিচাৰিলে। ইয়াকে লৈ দোকানী মহিলাগৰাকীৰ সৈতে গ্ৰাহক মহিলা গৰাকীৰ তৰ্কাতৰ্কি হয়।

পিছত মহিলা গৰাকীৰ স্বামী শ্বাহজামালে দোকানত উপস্থিত হৈ দোকানী মহিলা গৰাকীক নানা অশ্লীল গালি-গালাজ কৰাৰ লগতে মহিলা দোকানী গৰাকীক শাৰিৰীকভাৱে মাৰপিট কৰে । তদুপৰি শ্বাহজামাল নামৰ লোকজনে ঘৰত গৈ মহিলা গৰাকীক মাৰপিট কৰাৰো ভাবুকি দিয়ে । ঘটনা সন্দৰ্ভত ইতিমধ্যে কাছুমাৰা আৰক্ষী থানাত পৃথকে পৃথকে গোচৰ তৰিছে দুয়োটা পক্ষই ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande