আগমনিত পিকআপ ভেনলৈ আৰক্ষীৰ চাৰি ৰাউণ্ড গুলী চালনা
আগমনিত পিকআপ ভেনলৈ আৰক্ষীৰ চাৰি ৰাউণ্ড গুলী চালনা।
আগমনিত পিকআপ ভেনলৈ আৰক্ষীৰ চাৰি ৰাউণ্ড গুলী চালনা


ধুবুৰী, ২০ জুন (হি.স.): ধুবুৰী জিলাৰ আগমনিত যোৱা কালি শুকুৰবাৰে নিশা পিকআপ ভেনলৈ আৰক্ষীয়ে চাৰি ৰাউণ্ড গুলী চালনা কৰাৰ ঘটনা সংঘটিত হয়। চোৰাং গৰু সৰবৰাহ কৰাৰ সন্দেহত আৰক্ষীয়ে এএছ ০১ এলচি ১৩৮৯ নম্বৰৰ পিকআপ ভেনলৈ গুলিচালনা কৰে । আগমনি আৰক্ষীয়ে খেদি খেদি আটক পিকআপ ভেন খন জব্দ কৰাৰ লগতে চালক হেণ্ডিমেনক আটক কৰে।

ইফালে জব্দকৃত বাহনৰ পৰা আলুৰ বস্তা উদ্ধাৰ কৰা হৈছে । আৰক্ষীৰ চাৰি ৰাউণ্ড গুলী চালনাই আগমনিত আতংকৰ সৃষ্টি কৰিছে। বাহন খনৰ চালক আৰু হেণ্ডিমেন ক্ৰমে নেকিবুৰ সৰকাৰ আৰু এনামুল সৰকাৰক আটক কৰি জেৰা অব্যাহত ৰাখিছে । বাহন খনে চোৰাং গৰু কঢ়িওৱাৰ সন্দেহত আৰক্ষীয়ে ৰখাৱলৈ নিৰ্দেশ দিয়ে। যদিও চালকে পৰিবহন বিভাগৰ সন্দেহত পলায়নৰ চেষ্টা চলায়। আৰক্ষীয়ে বাহন খনলৈ চাৰি ৰাউণ্ড গুলী চালনা কৰে। আৰক্ষীয়ে খেদি খেদি আগমনি কলেজ ৰোডত বাহন খন জব্দ কৰে। বাহন খনত তালাচী চলাই কেইবা কুইন্টল আলু ভৰ্তি বস্তা উদ্ধাৰ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande