অসম বংগ সীমান্তৰ ছাগলীয়াত ভয়ংকৰ অগ্নিকাণ্ড
অসম বংগ সীমান্তৰ ছাগলীয়াত ভয়ংকৰ অগ্নিকাণ্ড।
অসম বংগ সীমান্তৰ ছাগলীয়াত ভয়ংকৰ অগ্নিকাণ্ড


ধুবুৰীए ২০ জুন (হি.স.): অসম বংগ সীমান্তৰ ছাগলীয়াত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। অগ্নিকাণ্ডত এখন মিঠাইৰ দোকান আৰু পাঁচটাকৈ পানৰ দোকান ভস্মীভূত হয় । এই অগ্নিকাণ্ডত প্ৰায় দহ লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায় । আজি পুৱতি নিশা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ।

অগ্নিকাণ্ডৰ পিছতেই উপস্থিত লোকসকলে জুই নুমুৱাবলৈ চেষ্টা চলায়। ইফালে খৱৰ পাই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী । পিছত অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই । শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে । অগ্নিকাণ্ডত ভস্মীভূত ৰাজেশ দত্তৰ মিঠাইৰ দোকান, জগদীশ চৌধুৰীৰ পানৰ দোকান, ৰাজু চৌধুৰীৰ পানৰ দোকান, ৰঞ্জিত সাহাৰ পানৰ দোকান, অনিমেষ দেবনাথৰ পানৰ দোকান, ৰবি সাহাৰ পানৰ দোকান।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande