বৰপেটা জিলাৰ পূৱ মহচৰাত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা
বৰপেটা জিলাৰ পূৱ মহচৰাত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ।
বৰপেটা জিলাৰ পূৱ মহচৰাত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা


বৰপেটা, ২০ জুন (হি.স.): বৰপেটা জিলাৰ পূৱ মহচৰাত যোৱা কালি শুকুৰবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । পূৱ মহচৰাৰ ছফিকুল ইছলাম নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত গাঁওখনৰ ছফিকুল ইছলাম নামৰ এজন ব্যক্তিৰ এটা ঘৰৰ লগতে ২০ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয়।

ভয়ংকৰ অগ্নিকাণ্ডত ঘৰৰ ভিতৰত থকা সকলো বয়বস্তুৰ লগতে নগদ ধন, নথিপত্ৰ আৰু এখন বাইক জ্বলি ভস্মিভূত হয়। স্থানীয় লোকে নিৰ্বাপিত কৰে জুই। এই অগ্নিকাণ্ডৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande