সৰুপথাৰত ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত দুজন গভাইত চোৰক কৰায়ত্ব
গোলাঘাট, ২০ জুন (হি.স.)। ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ লগতে ৰাইজৰ সহযোগত আটক দুজনকৈ গভাইত চোৰ। চুৰি মোবাইল বিচাৰি গেলেকণিত সোমাল আৰক্ষী। চোৰ ধৰিব নোৱাৰা সৰুপথাৰ সমজিলা আৰক্ষীক ছাত্ৰ সন্থাৰ লগতে ৰাইজে ধৰি গতালে দুজনকৈ গভাইত চোৰক। উল্লেখযোগ্য যে বৰপথাৰ
সৰুপথাৰত ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত দুজন গভাইত চোৰক কৰায়ত্ব


গোলাঘাট, ২০ জুন (হি.স.)। ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ লগতে ৰাইজৰ সহযোগত আটক দুজনকৈ গভাইত চোৰ। চুৰি মোবাইল বিচাৰি গেলেকণিত সোমাল আৰক্ষী। চোৰ ধৰিব নোৱাৰা সৰুপথাৰ সমজিলা আৰক্ষীক ছাত্ৰ সন্থাৰ লগতে ৰাইজে ধৰি গতালে দুজনকৈ গভাইত চোৰক। উল্লেখযোগ্য যে বৰপথাৰ আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ বৰপথাৰৰ বিনাকা মোবাইল দোকানত নিশা চোৰৰ অভিযান চলিছিল। দুৱাৰ ভাঙি বৃহস্পতিবাৰে নিশা বৰপথাৰৰ বিনাকা মোবাইলৰ দোকানত প্ৰবেশ কৰে দুজনকৈ চোৰে ।

১০ টা মোবাইল, ২ টা টেবলেট বহু কেইডাল হেডফোন দোকান খনৰ পৰা লৈ যায় চোৰে। দোকান খনৰ পৰা প্ৰায় ৪ লাখ টকাৰ সামগ্ৰী চোৰে লৈ যায় বুলি জানিব দিয়ে দোকানখনৰ স্বত্বাধিকাৰীয়ে। সমগ্ৰ দৃশ্য বন্দি হৈছিল চিচিটিভি কেমেৰাত। আৰক্ষীক ভিডিঅ সহ অভিযোগ দিয়াৰ পিছতো চোৰকেইটা ধৰাত ব্যৰ্থ বৰপথাৰ আৰু সৰুপথাৰ আৰক্ষী।

আজি বিয়লি ছাত্ৰ সন্থাৰ লগতে ৰাইজে মিলি আটক কৰে দুটাকৈ গভাইত চোৰৰ লগতে দুজনকৈ সহযোগী। চোৰকেইজনে মন্তব্য কৰা অনুসৰি ডিমাপুৰৰ পৰা নিয়ন্ত্ৰিত হয় সমগ্ৰ চুৰি কাণ্ড।আটকাধীন চোৰ কেইজনৰ নাম কাছমাৰী ইমানুৱেল খাখলাৰী, যোৰহাট কেন্দুগুৰিৰ ৰাহুল বৰা। চোৰ কেইজনক সহযোগ কৰিছিল তিতাবৰৰ আকাশ তাতী, সৰুপথাৰ কাছমাৰীৰ যোমেশ বট্ৰা। ইপিনে সৰুপথাৰ আৰক্ষী মোবাইল বিচাৰি গেলেকণিত সোমাবলগীয়া হ'ল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande