ডিগবৈ শোধনাগাৰত আপাতকালীন অনুশীলন সম্পন্ন
তিনিচুকিয়া, ২০ জুন (হি.স.)। ডিগবৈ শোধনাগাৰত আপাতকালীন অনুশীলন সম্পন্ন। হাইড্ৰজেন ছালফাইড গেছ নিৰ্গত হ''লে উদ্ভৱ হ''ব পৰা ভয়াবহ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ডিগবৈ শোধনাগাৰত আপাতকালীন অনুশীলন কৰা হয়।কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনীয়ে ডিগবৈ শোধনা
ডিগবৈ শোধনাগাৰত আপাতকালীন অনুশীলন সম্পন্ন


তিনিচুকিয়া, ২০ জুন (হি.স.)। ডিগবৈ শোধনাগাৰত আপাতকালীন অনুশীলন সম্পন্ন। হাইড্ৰজেন ছালফাইড গেছ নিৰ্গত হ'লে উদ্ভৱ হ'ব পৰা ভয়াবহ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ডিগবৈ শোধনাগাৰত আপাতকালীন অনুশীলন কৰা হয়।কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনীয়ে ডিগবৈ শোধনাগাৰত আপাতকালীন দুৰ্যোগ অনুশীলন কৰে।

কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনীৰ লগতে অনুশীলনত এন ডি আৰ এফ,আই অ'চি এল ৰ অগ্নি নিৰ্বাপক বাহিনী, জৰুৰীকালীন সেৱা বিভাগ, চিকিৎসা দ'ল,অসম আৰক্ষীৰ ৩২ নং বেটেলিয়ন,ৰাজ্যিক গৃহৰক্ষী বাহিনী আৰু ডিগবৈৰ আৰক্ষীয়ে অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande