
লক্ষীমপুৰ, ২০ জুন (হি.স.)। বানপানী পথৰ ওপৰেৰে বাগৰি অহাৰ ফলত ঢকুৱাখনাৰ ঘিলামৰা-গোগামুখ সংযোগী ২২ নং ৰাজ্যিক ঘাইপথ বন্ধ কৰি দিয়া হৈছে ।
ৰাজ্যিক ঘাইপথৰ ওপৰেদি বাগৰিছে পানী।
জীয়াধল আৰু কুমতীয়া নৈৰ বাঢ়নি পানীয়ে পথটোৰ চামপৰা অংশ বুৰাই পেলোৱাৰ ফলতে বন্ধ কৰি দিয়া হৈছে ঘাইপথটো
উক্ত পথটো বন্ধ হোৱাৰ ফলত যমৰ যাতনা ভোগ কৰিব লগা হৈছে লখিমপুৰ ,মাজুলী জিলাৰ সহস্ৰাধিক ৰাইজৰ।
দুই কোটি টকা আবণ্টনেৰে পথছোৱাত পানী বাগৰিব পৰাকৈ এটা ক'জৱে নিৰ্মাণ কৰি থকা হৈছিল যদিও ঠিকাদাৰ গৌতম চাংমাইৰ অমনোযোগীতা আৰু লোক নিৰ্মান বিভাগৰ বিষয়া কৰ্মচাৰীক মেনেজ কৰি লেহেমীয়া গতিৰে কামৰ বাবে এনে হোৱাৰ অভিযোগ ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা