
নগাঁও, ২০ জুন (হি.স.)।
কামপুৰত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ । কামপুৰৰ ১নং ৰেল প্লেট ফৰ্মত উদ্ধাৰ অচিনাক্ত মৃতদেহটো । মৃতদেহৰ কাষত এটা বেগ, এটা মোবাইল আৰু কিছু টকাও উদ্ধাৰ । ৫০ উৰ্ধৰ লোকজনৰ কেনেকৈ মৃত্যু হ'ল এই পৰ্যন্ত জানিব পৰা নাই । ৰেলত মাগি ফুৰা ভিক্ষাৰী বুলি সন্দেহ কৰা হৈছে ।
ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা কৰিছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা