ৰঙিয়া নদীত নৱজাতকৰ মৃতদেহ উদ্ধাৰ
কামৰূপ ,২০ জুন (হি.স.)। ৰঙিয়াত নৈৰে উটি আহিল নৱজাতকৰ মৃতদেহ। ৰঙিয়াত মানৱ সমাজক লজ্জানত কৰি বৰলীয়া নৈত নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজৰ কলংক ঢাকিবলৈ কোনো হৃদয়হীন লোকে বৰলীয়া নৈত নৱজাতকক উটুৱাই দিয়াৰ সন্দেহ প্ৰকাশ ক
ৰঙিয়া নদীত নৱজাতকৰ মৃতদেহ উদ্ধাৰ


কামৰূপ ,২০ জুন (হি.স.)। ৰঙিয়াত নৈৰে উটি আহিল নৱজাতকৰ মৃতদেহ। ৰঙিয়াত মানৱ সমাজক লজ্জানত কৰি বৰলীয়া নৈত নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজৰ কলংক ঢাকিবলৈ কোনো হৃদয়হীন লোকে বৰলীয়া নৈত নৱজাতকক উটুৱাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

ৰঙিয়া বনগাঁওৰ বৰলীয়া নৈত ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । ঘটনাস্থলীত আৰক্ষী আৰু SDRF বাহিনীৰ দল উপস্থিত হৈ নৈৰ পৰা নৱজাতকটোৰ মৃতদেহটো উদ্ধাৰ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে। উক্ত ঘটনাই সমগ্ৰ ৰঙিয়া অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande