ৰঙিয়াত উন্মুক্ত নলাত পৰি আবদ্ধ এটা গৰু
ৰঙিয়াত উন্মুক্ত নলাত পৰি আবদ্ধ এটা গৰু ।
ৰঙিয়াত উন্মুক্ত নলাত পৰি আবদ্ধ এটা গৰু


কামৰূপ, ২০ জুন (হি.স.): কামৰূপ জিলাৰ ৰঙিয়াত যোৱা কালি শুকুৰবাৰে নিশা উন্মুক্ত নলাত পৰি আবদ্ধ হৈ পৰেএটা গৰু ।এছডিআৰএফৰ তৎপৰতাত উদ্ধাৰ কৰা হয় গৰুটো।

ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় এছডিআৰএফৰ উদ্ধাৰকাৰী দল । উদ্ধাৰ অভিযানত ব্যক্তিগত কামত ব্যৱহাৰ কৰি থকা জেচিবিৰ সহায় লোৱা হয় । বহু সময় ধৰি চলোৱা অভিযানৰ অন্তত গৰুটোক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় এছডিআৰএফ বাহিনীয়ে । উদ্ধাৰ অভিযানত স্থানীয় লোকেও সহযোগিতা আগবঢ়ায় । উন্মুক্ত নলাৰ বাবে যিকোনো সময়তে ডাঙৰ দুৰ্ঘটনা ঘটিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে ৰাইজসকলে । ঘটনাৰ পিছত স্থানীয় ৰাইজে সংশ্লিষ্ট বিভাগ আৰু কৰ্তৃপক্ষক দোষাৰোপ কৰে । উন্মুক্ত নলাবোৰ শীঘ্ৰে সুৰক্ষিত কৰাৰ দাবী জনায় অঞ্চলবাসীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande