বিজেপিত যোগ দিব লাহৰীঘাট বিধান সভা সমষ্টিতৰ কংগ্ৰেছ - এ আই ইউ ডি এফকে ধৰি আন সংগঠনৰ প্ৰায় ২৫ সহস্ৰাধিক নেতা কৰ্মী
মৰিগাঁও, ২০ জুন (হি.স.)। মৰিগাঁও জিলাৰ লাহৰীঘাট বিধান সভা সমষ্টিত বিজেপিত যোগদান কৰিব কংগ্ৰেছ - এ আই ইউ ডি এফকে ধৰি আন সংগঠনৰ প্ৰায় ২৫ সহস্ৰাধিক নেতা কৰ্মীয়ে । আগন্তুক নগাওঁ লোক সভাৰ উপ নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে বিজেপিয়ে।অহা ২৩ জুনত লাহৰ
বিজেপিত যোগ দিব লাহৰীঘাট বিধান সভা সমষ্টিতৰ কংগ্ৰেছ - এ আই ইউ ডি এফকে ধৰি আন সংগঠনৰ প্ৰায় ২৫ সহস্ৰাধিক নেতা কৰ্মী


মৰিগাঁও, ২০ জুন (হি.স.)। মৰিগাঁও জিলাৰ লাহৰীঘাট বিধান সভা সমষ্টিত বিজেপিত যোগদান কৰিব কংগ্ৰেছ - এ আই ইউ ডি এফকে ধৰি আন সংগঠনৰ প্ৰায় ২৫ সহস্ৰাধিক নেতা কৰ্মীয়ে । আগন্তুক নগাওঁ লোক সভাৰ উপ নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে বিজেপিয়ে।অহা ২৩ জুনত লাহৰীঘাটত অনুষ্ঠিত হব বিজেপি দলৰ এই বৃহৎ যোগদান কাৰ্য্যসূচী ।

লাহৰীঘাটৰ তিনিচুকীয়া ৰাজীৱ গান্ধী খেল পথাৰত অনুষ্ঠিত হ’ব লগা বিজেপিৰ এই বৃহৎ যোগদান কাৰ্য্যসূচীৰ বাবে প্ৰস্তুতি তুংগত তুলিছে মৰিগাঁও জিলা বিজেপিৰ কৰ্মকৰ্তা সকলে । যোগদান কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লয় জিলা বিজেপিৰ সভাপতি ৰাম প্ৰসাদ সৰকাৰ আৰু আন কাৰ্যকৰ্তা সকলে। সেইদিনাৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকিব মন্ত্ৰী পিযুষ হাজৰিকা আৰু দিছপুৰ সমষ্টিৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ লগতে বিজেপিৰ ৰথী মহাৰথী সকল। সেইদিনা লাহৰীঘাট সমষ্টিৰ কংগ্ৰেছৰ পৰা নিৰ্বাচিত তিনি জিলা পৰিষদৰ সদস্য, কেইবাগৰাকী আঞ্চলিক সদস্য,বহু কেইবাগৰাকী পঞ্চায়ত সভাপতি আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী নেতা কৰ্মী আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande