আছুৰ উদ্যোগত বৰপেটাৰোডৰ হাউলীত দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুৰাভা দিৱস উদযাপন
বৰপেটা, ২০ জুন (হি.স.)। আজি সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত বৰপেটাৰোডৰ হাউলীত দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুৰাভা দিৱস উদযাপন | বৰপেটাৰোডৰ হাউলীত কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসৰ অনস্থানত উপস্থিত আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য, উৎপল শৰ্মা,
আছুৰ উদ্যোগত বৰপেটাৰোডৰ হাউলীত দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুৰাভা দিৱস উদযাপন


বৰপেটা, ২০ জুন (হি.স.)। আজি সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত বৰপেটাৰোডৰ হাউলীত দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুৰাভা দিৱস উদযাপন |

বৰপেটাৰোডৰ হাউলীত কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসৰ অনস্থানত উপস্থিত আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য, উৎপল শৰ্মা, সমীৰণ ফুকনৰ লগতে সদৌ অসম ছাত্ৰসন্থাৰ নেতৃবৃন্দ |

বৰপেটা জিলা ছাত্ৰ সন্থা, হাউলী আঞ্চলিক ছাত্ৰ সন্থা আৰু হাউলীবাসীৰ সহযোগত হাউলী ৰাস মন্দিৰ প্ৰাংগণত দুদিনীয়াকৈ অনুস্থিত কেন্দ্ৰীয় বিষ্ণুৰাভা দিৱসৰ কাৰ্যসূচী অনুসৰি আছুৰ পতাকা উত্তোলন কৰে আছুৰ সভাপতি উৎপল শৰ্মাই।

আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে শ্বহীদ তৰ্পণ কাৰ্যসূচী মুকলি কৰাৰ লগতে আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কলাগুৰুৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে।

কেন্দ্ৰীয় বিষ্ণুৰাভা দিৱসৰ কাৰ্যসূচী অনুসৰি ইয়াৰ পৰৱৰ্তে সময়ত মুকলি সভা, স্মৃতিগ্ৰন্থ উন্মোচন, বিশেষ সম্বৰ্ধনা আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুস্থিত ।

-

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande