
লা পাজ, ২০ জুন (হি.স.)। দক্ষিণ আমেৰিকাৰ দেশ বলিভিয়াত কেইবা সপ্তাহ ধৰি চলি থকা চৰকাৰ বিৰোধী প্ৰতিবাদ আৰু পথ অৱৰোধৰ মাজতে শনিবাৰে ৰাষ্ট্ৰপতি ৰড্ৰিগো পাজে পৰৱৰ্তী জাননী নিদিয়ালৈকে দেশখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে।
তুৰস্কৰ চৰকাৰী আনাডোলু এজেন্সী আৰু অন্যান্য সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শ্ৰমিক সংঘ, কৃষক সংগঠন আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ইভো মৰালেছৰ সমৰ্থকৰ নেতৃত্বত চলি থকা প্ৰতিবাদত ৰাষ্ট্ৰপতি পাজৰ পদত্যাগ দাবী কৰা হৈছে। বৰ্ধিত মুদ্ৰাস্ফীতি, অৰ্থনৈতিক চাপ, ইন্ধনৰ সংকট আৰু বৰ্ধিত জীৱন-যাপনৰ ব্যয়ৰ প্ৰতিবাদত প্ৰতিবাদকাৰীসকলে ৰাজপথলৈ ওলাই আহিছে।
চলি থকা অৱৰোধৰ ফলত দেশৰ বহু ঠাইত খাদ্য, ইন্ধন, ঔষধৰ নাটনি হৈছে। প্ৰায় ৫০ দিন ধৰি অৰ্থনৈতিক কাৰ্যকলাপত ব্যাঘাত জন্মালে বাণিজ্য, পৰিবহণ, আৰু যোগান শৃংখলত গুৰুতৰ প্ৰভাৱ পৰিছে।
দেশৰ সন্মুখত দিয়া ভাষণত ৰাষ্ট্ৰপতি পাজে কয় যে তেওঁ সমগ্ৰ দেশৰ পথসমূহত স্বাভাৱিক যাতায়ত পুনৰ স্থাপনৰ বাবে “ব্যতিক্ৰমৰ অৱস্থা” জাপি দিয়াৰ নিৰ্দেশ দিছে। তেওঁ কয়, “বলিভিয়াৰ জনসাধাৰণে এনে অৱৰোধৰ পণবন্দী হৈ থাকিব নোৱাৰে যিয়ে তেওঁলোকক কাম কৰা, পঢ়া-শুনা কৰা, চিকিৎসা বিচৰা, অত্যাৱশ্যকীয় সামগ্ৰী আহৰণ কৰা, ঘৰলৈ খাদ্য যোগান ধৰাত বাধা দিয়ে।”
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই পদক্ষেপে সেনা-আৰক্ষীক শৃংখলা পুনৰুদ্ধাৰ কৰাত সহায় কৰিব আৰু সমগ্ৰ দেশতে যাতায়ত আৰু অত্যাৱশ্যকীয় সেৱাসমূহ স্বাভাৱিক কৰি তুলিব। তেওঁ অভিযোগ কৰে যে একাংশ সংগঠিত গোটে দেশক স্তব্ধ কৰি তুলিবলৈ হিংসাৰ আশ্ৰয় লৈছে। পাজে উল্লেখ কৰে যে চৰকাৰে প্ৰতিবাদকাৰীৰ সৈতে কেইবাবাৰো আলোচনা কৰি বৈধ দাবীৰ ওপৰত আপোচ কৰাৰ চেষ্টা কৰিছিল যদিও পৰিস্থিতিৰ উন্নতি নোহোৱাৰ বাবেই জৰুৰীকালীন অৱস্থা জাৰি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।
উল্লেখযোগ্য যে যোৱা মাহত ৰাষ্ট্ৰপতি পাজে আভ্যন্তৰীণ সংঘাতত সামৰিক বাহিনীক হস্তক্ষেপ কৰাৰ অনুমতি দিয়া আইনত স্বাক্ষৰ কৰিছিল। যদিও তেওঁ পূৰ্বে কৈছিল যে জৰুৰীকালীন অৱস্থা জাৰি কৰাটো শেষ উপায় হ’ব।
সাত মাহ পূৰ্বে ক্ষমতা দখল কৰা কেন্দ্ৰীয় নেতাগৰাকীয়ে দেশৰ শেহতীয়া ইতিহাসৰ অন্যতম ভয়াৱহ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে। বৈদেশিক মুদ্ৰাৰ নাটনি, প্ৰাকৃতিক গেছৰ ৰপ্তানি হ্ৰাস, মুদ্ৰাস্ফীতি ৪০ বছৰৰ উচ্চতম স্তৰত উপনীত হোৱা, ইন্ধনৰ সংকটে চৰকাৰৰ ওপৰত হেঁচা বৃদ্ধি কৰিছে।
মে’ মাহত চৰকাৰে দীৰ্ঘদিনীয়া ইন্ধন ৰাজসাহায্য কৰ্তন কৰি বিত্তীয় ঘাটি হ্ৰাস কৰাৰ সময়ত বৰ্তমানৰ সংকট গভীৰ হৈ পৰিছিল। ইয়াৰ পিছত তীব্ৰতৰ হৈ পৰে প্ৰতিবাদ।
ৰাষ্ট্ৰপতিৰ পদত্যাগ দাবী কৰাৰ উপৰিও ইউনিয়নসমূহে মজুৰি বৃদ্ধি, পৰ্যাপ্ত ইন্ধনৰ উপলব্ধতা, ডলাৰৰ নাটনি বন্ধ কৰাৰ দাবীও কৰিছে। বিশ্লেষকসকলৰ মতে এই সংকট এতিয়া কেৱল অৰ্থনৈতিক বিষয় নহয় বৰঞ্চ ই এক বৃহৎ ৰাজনৈতিক সংঘাতলৈ পৰিণত হৈছে, যাৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব পাৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া