জাতিটোৰ স্বাভিমানৰ হকে যুঁজি নৱ চেতনাৰ জোৱাৰ আনিছিল বিষ্ণুপ্ৰসাদ ৰাভাইঃ দিলীপ শইকীয়া
–কলাগুৰুক কৰা অসন্মানৰ বাবে কংগ্ৰেছ দলে অসমৰ মানুহক ক্ষমা খোজকঃ মানস শৰণীয়া গুৱাহাটী, ২০ জুন (হি.স.)। অসমৰ সংগ্ৰামী সত্তা বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি মৃত্যু তিথি। অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মহান বিপ্লৱী সত্তা, গণশিল্পী, কলাগুৰু বিষ্ণুপ্ৰস
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা


–কলাগুৰুক কৰা অসন্মানৰ বাবে কংগ্ৰেছ দলে অসমৰ মানুহক ক্ষমা খোজকঃ মানস শৰণীয়া

গুৱাহাটী, ২০ জুন (হি.স.)। অসমৰ সংগ্ৰামী সত্তা বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি মৃত্যু তিথি। অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মহান বিপ্লৱী সত্তা, গণশিল্পী, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক পুণ্যতিথিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আজি অসম প্ৰদেশ বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দিলীপ শইকীয়াই মহান শিল্পীগৰাকীৰ প্ৰতিচ্ছৱিত মাল্যৰ্পণ কৰি অসমীয়া জাতিয়ে ৰাভাদেউক যুগ যুগলৈ স্মৰণ কৰি থাকিব বুলি উল্লেখ কৰে৷ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বড়াৰ উপস্থিতিত ৰাভা দিৱসৰ বিশেষ অনুষ্ঠানত দিলীপ শইকীয়াই বিষ্ণুপ্ৰসাদ ৰাভাক শ্ৰেষ্ঠ অসমীয়া আখ্যা দি কয় যে তেওঁ জাতিটোৰ বাবে আজিও আদৰ্শ৷

তেওঁ একেধাৰে গীতিকাৰ, নাট্যকাৰ, গল্পকাৰ, নৃতত্ত্ববিদ, বোলছবি পৰিচালক, চিত্ৰশিল্পী আছিল৷ কিন্তু বিষ্ণু প্ৰসাদ ৰাভাক অসমীয়া মানুহে মহান বিপ্লৱী হিচাপে মনত ৰাখিছে৷ কিয়নো তেওঁ জাতিটোৰ স্বাভিমানৰ হকে যুঁজি নৱ চেতনাৰ জোৱাৰ আনিছিল৷ এই অনুষ্ঠানত অসমৰ সংগীত, সংস্কৃতি তথা সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে অসমৰ তিনিগৰাকী স্বনামধন্য কণ্ঠশিল্পী সন্ধ্যা মেনন ডাঙৰীয়ানী, শান্তা উজীৰ ডাঙৰীয়ানী আৰু মালবিকা বৰা ডাঙৰীয়ানীক সম্বৰ্ধনা জনোৱা হয়।

আনহাতে এই বিবৃতিযোগে অসম প্ৰদেশ বিজেপিৰ মুখপাত্ৰ মানস শৰণীয়াই কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে৷ তেওঁ কয় যে বিষ্ণুপ্ৰসাদ ৰাভাই তেতিয়াৰ শাসক কংগ্ৰেছৰ শোষণ-বঞ্চনাৰ বিৰোধ কৰিছিল৷ স্বাধীনতা আন্দোলনত বগা চাহাবৰ বিৰুদ্ধে আৰু দেশে স্বাধীনতা লাভ কৰাৰ পিছত কংগ্ৰেছৰ নেতৃত্বৰ অনীতিৰ বিৰুদ্ধে অসমৰ হাজাৰ হাজাৰ জনগণক একত্ৰিত কৰি সংগ্ৰাম কৰা বিপ্লৱী ৰাভা আজিও অসমৰ খিলঞ্জীয়াৰ বাবে সাহস আৰু প্ৰেৰণা৷ বিষ্ণুপ্ৰসাদ ৰাভাই জাতি-জনগোষ্ঠীক বিপ্লৱী চেতনা আৰু সাংস্কৃতিক জাগৰণেৰে জগাই তুলি সাংস্কৃতিক সমন্বয়ৰ সমাজ গঢ়াৰ পৰিকল্পনা কৰিছিল৷

বগা চাহাবৰ শাসনক ওফৰাই পেলাবলৈ মহাবিদ্যালয়ত পঢ়ি থকা অৱস্থাতে ৰাভাই স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল। কিন্তু তেওঁ যিখন স্বাধীন দেশৰ পৰিকল্পনা কৰিছিল সেইখন কংগ্ৰেছ দলৰ বাবে বাস্তৱ হোৱা নাছিল বুলি অনুভৱ কৰিছিল৷ দেশে স্বাধীনতা লাভৰ পিছত আকৌ কংগ্ৰেছৰ নেতৃত্বত চলা দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলগীয়া হৈছিল৷ বিষ্ণুপ্ৰসাদ ৰাভা আজিও জাতীয় জীৱনৰ প্ৰহৰী, সাহস আৰু প্ৰেৰণা।

মুখপাত্ৰ শৰণীয়াই লগতে কয় যে দেশে স্বাধীনতা লাভ কৰিলে ঠিকেই কিন্তু দেশত গঠন হোৱা চৰকাৰে জনতাক শোষণ কৰিবলৈ ধৰে৷ সেয়ে ভাৰত স্বাধীন হোৱাৰ পিছত ক্ষমতা দখল কৰা কংগ্ৰেছৰ নীতিৰ ঘোৰ বিৰোধী কৰি কৃষক আৰু শ্ৰমিকৰ ওপৰত শোষণ বন্ধ কৰিবলৈ সংগ্ৰাম কৰি কংগ্ৰেছৰ ৰোষত পৰিছিল ৰাভা৷ কংগ্ৰেছ চৰকাৰে ৰাভাক দেশৰ বাবে ভাবুকি বুলি গণ্য কৰি দেশদ্ৰোহী আখ্যা দিছিল৷ দহ হাজাৰ (১০,০০০) টকা পুৰস্কাৰ ঘোষণা কৰিছিল। মহান বিপ্লৱীয়ে পত্নীসহ আত্মগোপন কৰিবলগীয়া হৈছিল৷ কংগ্ৰেছ চৰকাৰে ১৯৫১ চনত কোকৰাঝাৰত পত্নীসহ ৰাভাক গ্ৰেপ্তাৰ কৰি অন্ধকাৰ কুঠৰীলৈ নিক্ষেপ কৰিছিল৷

এজন জনজাতীয় বিপ্লৱীৰ প্ৰতি কৰা অন্যায়ৰ বাবে অসমৰ সমাজ জীৱনে কংগ্ৰেছক কেতিয়াও ক্ষমা নকৰে৷ এনে অন্যায়ৰ বাবে কংগ্ৰেছে অসমৰ মানুহক কেতিয়াও ক্ষমা খোজা নাই৷ কংগ্ৰেছে কেতিয়া ক্ষমা খুজিব বুলিও কংগ্ৰেছ নেতৃত্বক প্ৰশ্ন কৰে শৰণীয়াই।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande