ধুবুৰীত বিষ্ণু ৰাভা দিৱস উদযাপন কৰাৰ লগতে ড° নিৰ্মল প্ৰভা বৰদলৈৰ জন্ম দিৱস পালন
ধুবুৰী, ২০ জুন (হি.স.)। ধুবুৰীত বিষ্ণু ৰাভা দিৱস উদযাপন কৰাৰ লগতে ড° নিৰ্মল প্ৰভা বৰদলৈৰ জন্ম দিৱস পালন কৰা হয়। ধুবুৰীৰ গাৰ্লছ একাডেমী হাইস্কুলত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ধুবুৰী জিলা শাখা আৰু ধুবুৰী জাৰ্নেলিষ্ট''ছ এছ''ছিয়েচনৰ সহযোগত বৰ্ণাঢ
ধুবুৰীত বিষ্ণু ৰাভা দিৱস উদযাপন কৰাৰ লগতে ড° নিৰ্মল প্ৰভা বৰদলৈৰ জন্ম দিৱস পালন


ধুবুৰী, ২০ জুন (হি.স.)। ধুবুৰীত বিষ্ণু ৰাভা দিৱস উদযাপন কৰাৰ লগতে ড° নিৰ্মল প্ৰভা বৰদলৈৰ জন্ম দিৱস পালন কৰা হয়।

ধুবুৰীৰ গাৰ্লছ একাডেমী হাইস্কুলত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ধুবুৰী জিলা শাখা আৰু

ধুবুৰী জাৰ্নেলিষ্ট'ছ এছ'ছিয়েচনৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে এই বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয় ।

কলাগুৰু বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰাৰ লগতে বিষ্ণু সংগীত, কবিতা, আবৃতিকে ধৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়।

বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি মুকলি সভাও অনুষ্ঠিত হয়। সভাত 'মহাভাৰতৰ কাহিনী' নামৰ এখন কিতাপো উন্মোচন কৰা হয়।

বাইট- বিষয়-ববীয়া,

সদৌ অসম লেখিকা সমাৰোহ সমিতি,

ধুবুৰী জিলা শাখা।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande