
শোণিতপুৰ, ২০ জুন (হি.স.)। মহান বিপ্লৱী শিল্পী, সাহিত্যিক, সাংস্কৃতিক নেতা কালাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু বাৰ্ষিকীত শনিবাৰে ৰাজ্যজুৰি আৰু জন্মস্থান তেজপুৰত অনুষ্ঠিত বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ১৯৬৯ চনৰ আজিৰ দিনটোতে তেওঁ শেষ নিশ্বাস লৈছিল।
বিষ্ণু ৰাভা দিৱস উপলক্ষে তেজপুৰৰ প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাত আয়োজিত এক সাংস্কৃতিক অনুষ্ঠানত নৃত্য প্ৰদৰ্শনৰ জৰিয়তে গুৰুজনাৰ প্ৰতি নতুন প্ৰজন্মৰ নৃত্য ছাত্ৰ-ছাত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জনায়। শিল্পীসকলে শিল্প, সংস্কৃতি, সমাজলৈ তেওঁৰ অৱদানৰ কথা মনত পেলাইছিল।
একে সময়তে তেজপুৰৰ সমন্বয় এলেকাত গুৰুজনাৰ সমাধিত চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তেওঁৰ সমাধিত তেওঁৰ পুত্ৰ তথা বিধায়ক পৃথ্বীৰাজ ৰাভা, শোণিতপুৰৰ উপায়ুক্ত আনন্দ কুমাৰ দাসকে ধৰি কেইবা গৰাকীও বিশিষ্ট ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
সমন্বয় এলেকাত অনুষ্ঠিত এক অনুষ্ঠানত নতুন প্ৰজন্মৰ শিল্পীসকলে কলা গুৰু বিষ্ণুপ্ৰসাদ ৰাভাক শ্ৰদ্ধাঞ্জলি জনাই গীত-নৃত্য উপস্থাপন কৰাৰ লগতে তেওঁৰ আদৰ্শ আৰু সাংস্কৃতিক ঐতিহ্যক স্মৰণ কৰে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ