
শোণিতপুৰ, ২০ জুন (হি.স.)। শোণিতপুৰ জিলা প্ৰশাসনে এক ৰাজহুৱা জাননী যোগে অৰুণোদয় ৩.o আঁচনিৰ অন্তৰ্গত কোনো বেংকৰ লগত আধাৰ নম্বৰ সংযুক্ত নথকা হিতাধিকাৰী সকলক জনায় যে, অসম চৰকাৰে এই আঁচনিৰ অধীনত সুবিধা সমূহ প্ৰদানৰ ক্ষেত্ৰত আধাৰ পেমেণ্ট ব্ৰীজ চিষ্টেম (APBS)ৰ জৰিয়তে আধাৰ ভিত্তিক ধন পৰিশোধ বাধ্যতামূলক কৰিছে। এই সন্দৰ্ভত, এনে সকলো হিতাধিকাৰীক তাৎক্ষণিকভাৱে নিজ নিজ বেংকৰ শাখালৈ গৈ অহা ৩০ জুন, ২০২৬ তাৰিখ বা তাৰ আগতে আধাৰ-বেংক একাউণ্ট সংযোগ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
শোণিতপুৰ জিলা প্ৰশাসনে লগতে জনাইছে যে, যিসকল হিতাধিকাৰীৰ আধাৰ কোনো বেংক একাউণ্টৰ সৈতে সংযুক্ত নহয়, তেওঁলোকে আধাৰভিত্তিক ধন পৰিশোধ ব্যৱস্থাৰ জৰিয়তে অৰুণোদয় ৩.০ আঁচনিৰ অধীনত ভৱিষ্যতে লাভ কৰিবলগীয়া সুবিধা সমূহৰ পৰা বঞ্চিত হ'ব পাৰে। আধাৰ-বেংক একাউণ্ট সংযোগ সম্পৰ্কীয় যিকোনো সহায়ৰ বাবে হিতাধিকাৰী সকলে নিজ নিজ পৌৰসভা অথবা সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে।
অৰুণোদয় ৩.০ আঁচনিৰ অধীনত সুবিধাসমূহ নিৰৱচ্ছিন্নভাৱে লাভ কৰাটো নিশ্চিত কৰিবলৈ শোণিতপুৰ জিলা প্ৰশাসনে সকলো যোগ্য হিতাধিকাৰীক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সংযোগ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ