
বজালী, ২০ জুন (হি.স.)।
বজালীৰ বাঘমাৰা গাওঁ পঞ্চায়তত জনকল্যাণ শিৱিৰ অনুষ্ঠান |
৭খন পঞ্চায়তৰ প্ৰতিনিধি তথা ৰাইজৰ সহযোগত অনুষ্ঠিত হয় এই শিৱিৰটো |
বজালী জিলা পৰিষদৰ অধ্যক্ষা মিনাক্ষী দাস, উপাধ্যক্ষ প্ৰানজিৎ কলিতা, লগতে কেইবা গৰাকীও পঞ্চায়ত সচিব, সভাপতি, আঞ্চলিক সদস্য উপস্থিত থাকে |
পঞ্চায়তৰ জৰিয়তে ৰাইজৰ কেনেদৰে উন্নয়ন সাধন হব তাক লৈ হয় আলোচনা |
বজালী জিলাত ১৮ তাৰিখৰ পৰা এই শিৱিৰটো আজি বাঘমাৰা পঞ্চায়তত অনুষ্ঠিত কৰি সামৰনি পৰে |
চৰকাৰৰ বহু আচনিৰ পৰা এতিয়াও বঞ্চিত হৈ আছে |
বঞ্চিত জনসাধাৰণ সকলে কেনেদৰে আঁচনি সমুহ সমভাৱে লাভ কৰে তাৰ বিষয়ে আলোচনা কৰা হয় |
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা