
কামৰূপ, ২০ জুন (হি.স.)। আজি ৰাজ্য জুৰি গীতে মাতে স্মৰণ কৰা হৈছে অসমীয়াৰ প্ৰাণৰ শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক । ১৯৬৯ চনৰ আজিৰ দিনটোতে তেজপুৰত মহাপ্ৰয়াণ ঘটিছিল এই গৰাকী মহান গণ শিল্পীৰ । আধুনিক অসমৰ ইতিহাসত যিসকল মহান ব্যক্তিত্বই যুগ যুগ ধৰি সমাজক অনুপ্ৰাণিত কৰি আহিছে, তেওঁলোকৰ ভিতৰত বিষ্ণু প্ৰসাদ ৰাভা হ'ল এটা উজ্জ্বল
জ্যোতিষ্ক ।
উল্লেখ্য় যে বিষ্ণু প্ৰসাদ ৰাভা কেৱল এজন বিপ্লৱী শিল্পীয়েই নাছিল, তেওঁ আছিল মানুহৰ মুক্তি, মৰ্যদা আৰু সাম্যৰ বাবে জীৱন উৎসৰ্গা কৰা এজন গভীৰ মানৱপ্ৰেমী । আজি ৰাজ্য জুৰি গীতে মাতে স্মৰণ কৰা হৈছে অসমীয়াৰ প্ৰাণৰ শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক । উত্তৰ গুৱাহাটীতো বিষ্ণু ৰাভা দিৱসৰ বিস্তৃত কাৰ্যসূচী হাতত লোৱা হৈছে । উত্তৰ গুৱাহাটীৰ মূৰ্চ্ছণা সংগীত বিদ্যাপীঠৰ শিক্ষাৰ্থী সকলে বিষ্ণু ৰাভাৰ কালজয়ী গীতেৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে শিল্পী গৰাকীক । গুৰু অচ্যুত কুমাৰ ঘিমিৰেৰ পৰিচালনাত কলাগুৰুক গীতে মাতে শ্ৰদ্ধাৰে স্মৰণ কৰা হৈছে ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু