
বৰপেটা, ২০ জুন (হি.স.)। বৰপেটাৰ বহৰিত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি । বহৰি পাৰঘাটক কৰিডৰ হিচাপে ব্যৱহাৰ কৰি চোৰাংভাৱে চুপাৰিৰ ৰমৰমীয়া ব্যৱসায়।বহৰিৰ পাৰঘাটৰ পৰা সৰবৰাহ কৰি থকা অবস্থাত ৩৪ ববস্তা অবৈধ চুপাৰি খিনি জব্দ কৰে বহৰি আৰক্ষীয়ে ।
জব্দ কৰা বাৰ্মিজ চুপাৰি আৰু আটকাধীন চুপাৰি সৰবৰাহকাৰীক তাৰাবাৰী আৰক্ষী থানালৈ লৈ যায়।জানিব পৰা মতে চাজাহান নামৰ সৰবৰাহকাৰীয়ে নদীপথৰে বহৰি পাৰঘাটলৈ আনিছিল বৃহৎ পৰিমাণৰ চুপাৰি ।ঘটনা সন্দৰ্ভত ইতিমধ্যে তাৰাবাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ