সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ দোতমা আঞ্চলিক সমিতিৰ উদ্যোগত থুৰিবাৰীত সজাগতা সভা
কোকৰাঝাৰ ২০ জুন (হি.স.):সমাজত বৃদ্ধি পোৱা জুৱা, মদ্যপান, ড্ৰাগছ সেৱন আৰু বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে জনসচেতনতা সৃষ্টি কৰাৰ লক্ষ্যৰে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা (এবিএমছু)ৰ দোতমা আঞ্চলিক সমিতিৰ উদ্যোগত থুৰিবাৰী গাঁৱত এখন সজাগতা সভা অনুষ
সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ দোতমা আঞ্চলিক সমিতিৰ উদ্যোগত থুৰিবাৰীত সজাগতা সভা


কোকৰাঝাৰ ২০ জুন (হি.স.):সমাজত বৃদ্ধি পোৱা জুৱা, মদ্যপান, ড্ৰাগছ সেৱন আৰু বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে জনসচেতনতা সৃষ্টি কৰাৰ লক্ষ্যৰে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা (এবিএমছু)ৰ দোতমা আঞ্চলিক সমিতিৰ উদ্যোগত থুৰিবাৰী গাঁৱত এখন সজাগতা সভা অনুষ্ঠিত হয়।

এবিএমছুৰ দোতমা আঞ্চলিক সমিতিৰ সভাপতি ছামিনুৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভা খনত জুৱা, মদ, ড্ৰাগছ আৰু অন্যান্য অসামাজিক কাৰ্যকলাপৰ কু–প্ৰভাৱৰ বিষয়ে বিশদভাৱে আলোচনা হয়। সমাজত সচেতনতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি যুৱ সমাজক মাদক দ্ৰব্য আৰু অসামাজিক কাৰ্যকলাপৰ পৰা আঁতৰি থাকি শিক্ষাৰ লগতে গঠনমূলক কাম-কাজত নিজকে নিয়োজিত কৰিবলৈ আহ্বান জনায়।

সভাখনত এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক নজৰুল ইছলাম, জিলা সমিতিৰ সভাপতি ছহিদুল ইছলাম, কাৰ্যকৰী সভাপতি মনিৰুজ জামান, দোতমা আঞ্চলিক সমিতিৰ সম্পাদক, সমূহ বিষয়ববীয়া সদস্য আৰু থুৰিবাৰী গাঁৱৰ বহু সংখ্যক ৰাইজ উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande