৫০০ নগা সাধুৰ সৈতে কামাখ্যা মন্দিৰলৈ বিধায়কৰ পদযাত্ৰা
গুৱাহাটী, ২০ জুন (হি.স.)। অম্বুবাশী মেলাৰ সময়তে আজি শনিবাৰে পুৱা ৯:৩০ বজাত প্ৰায় ৫০০ নগা সাধুৰ সৈতে মধ্য গুৱাহাটীৰ বিধায়ক বিজয় গুপ্তাই কামাখ্যা গেট নাৰ্চাৰীৰ পৰা কামাখ্যা মন্দিৰ পৰিসৰলৈ পদযাত্ৰা কৰে । ভক্তি আৰু বিশ্বাসৰ পৰিবেশত এই ধৰ্মীয় পদযাত
नागा साधुओं के साथ कामाख्या मंदिर तक पदयात्रा में शामिल विधायक विजय गुप्ता की तस्वीर।


গুৱাহাটী, ২০ জুন (হি.স.)। অম্বুবাশী মেলাৰ সময়তে আজি শনিবাৰে পুৱা ৯:৩০ বজাত প্ৰায় ৫০০ নগা সাধুৰ সৈতে মধ্য গুৱাহাটীৰ বিধায়ক বিজয় গুপ্তাই কামাখ্যা গেট নাৰ্চাৰীৰ পৰা কামাখ্যা মন্দিৰ পৰিসৰলৈ পদযাত্ৰা কৰে । ভক্তি আৰু বিশ্বাসৰ পৰিবেশত এই ধৰ্মীয় পদযাত্ৰা অনুষ্ঠিত হৈছিল, য’ত বহু সংখ্যক সাধু-মুনিয়ে অংশগ্ৰহণ কৰিছিল। কামাখ্যা গেটৰ পৰা আৰম্ভ কৰি মন্দিৰ কমপ্লেক্স পালেগৈ।

বিধায়ক বিজয় গুপ্তাই এই পদযাত্ৰাৰ সময়ত নগা সাধুসকলক সেৱা আগবঢ়ায় আৰ তেওঁলোকৰ সৈতে এই যাত্ৰাত যোগদান কৰে।

উল্লেখ্য যে ২২ জুনৰ পৰা ২৬ জুনলৈ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত পবিত্ৰ কামাখ্যা মন্দিৰত ভৱ্যতাৰে আয়োজন কৰা হৈছে অম্বুবাচী মেলা ২০২৬। মা কামাখ্যাৰ ঋতুস্ৰাৱ বুলি গণ্য কৰা এই চাৰিদিন মন্দিৰৰ মূল দুৱাৰখন সম্পূৰ্ণ বন্ধ হৈ থাকে আৰু ২৬ জুনৰ পুৱা দ্বাৰঘাটানৰ পাছত লাখ লাখ ভক্তই মন্দিৰত দৰ্শনৰ বাবে সমবেত হয়। অম্বুবাচী মেলাৰ বিশদ তথ্য আৰু সময়সূচী অনুসৰি ২২ জুনৰ পুৱা ৮:৪৫ বজাৰ পৰা প্ৰবৃত্তি আৰম্ভ হব আৰু ২৬ জুনৰ ৰাতিপুৱা নিবৃত্তিৰ দিনা মন্দিৰৰ দুৱাৰ খোলা হব। প্ৰবৃত্তিৰ পৰা নিবৃত্তিৰ সময়লৈকে মন্দিৰৰ দুৱাৰ বন্ধ থাকিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande