
যোৰহাট, ২০ জুন (হি.স.)। সদৌ অসম ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিয়ে টীয়কৰ ঘোঁৰাচৰা নপমুৱা বৰাগাঁও প্ৰাথমিক বিদ্যালয়ৰ সহযোগত বিদ্যালয়ৰ প্ৰাংগণত ৰাভা দিৱস উদযাপন কৰে। পুৱাই বিদ্যালয়ত উপস্থিত হৈ আছুৰ সদস্য সকলে কলাগুৰু ৰাভা প্ৰতিচ্ছবিত পুষ্পাজ্ঞলি অৰ্পণ কৰে। লগতে সৈনিক শিল্পীৰ আদৰ্শেৰে আগবাঢ়ি যোৱা সংকল্প গ্ৰহণ কৰিলে সকলোৱে। ইপিনে আজি উক্ত বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলক আছুৱে বিতৰণ কৰে শৈক্ষিক সামগ্ৰী।
উল্লেখযোগ্য যে যোৰহাট জিলা আছুৱে বেচৰকাৰী সংস্থা শ্যেলীৰ ফাউণ্ডেশ্যনৰ সহযোগত জিলা খনৰ চৰকাৰী তথা গ্ৰামাঞ্চলৰ প্ৰাথমিক বিদ্যালয় সমূহত প্ৰতি শনিবাৰে শৈক্ষিক সামগ্ৰী বিতৰণৰ এক যোগাত্মক পদক্ষেপ গ্ৰহণ কৰি ইতিমধ্যে ১৭ খন বিদ্যালয়ৰ ১২০০ ছাত্ৰ-ছাত্ৰীক সামৰি লৈ আজি ১৮ নম্বৰ খন বিদ্যালয় উপস্থিত হৈ বিশেষ সংকল্প উৎসাহ কাৰ্যসূচী ৰূপায়ণ কৰিছে।
বিশেষকৈ উক্ত পদক্ষেপে গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়লৈ অহাত আকৰ্ষিত কৰিব আৰু তেওঁলোকৰ কিছু হ'লেও অভাৱ অভিযোগবোৰ পূৰ্ণ হ'ব বুলি আশা প্ৰকাশ কৰে উদ্যোক্তা সকলে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু