এখন শ্লুইছ গেটে জ্বলা-কলা খুৱাইছে বৃহত্তৰ ভলুকাগুৰি বাসী ৰাইজক
এখন শ্লুইছ গেটে জ্বলা-কলা খুৱাইছে বৃহত্তৰ ভলুকাগুৰি বাসীক৷
এখন শ্লুইছ গেটে জ্বলা-কলা খুৱাইছে বৃহত্তৰ ভলুকাগুৰি বাসী ৰাইজক


লখিমপুৰ, ২০ জুন (হি.স.): লক্ষিমপুৰ জিলাৰ বিহপুৰীয়া ৰাজহ চক্ৰৰ ভলুকাগুৰিত থকা এখন শ্লুইছ গেটে বৃহত্তৰ ভলুকাগুৰিবাসীক জ্বলা-কলা খুৱাইছে ৷ বিশেষকৈ সোৱণশিৰী নদীৰ পানী বাঢ়িলেই এই ভঙা শ্লুইছ গেটেৰে নদীৰ বাঢ়নী পানী সোমাই ২০ খনৰো অধিক গাঁও জলমগ্ন কৰি ৰাখে ৷

পানী সোমোৱাৰ ফলত এই গাঁও সমূহৰ ৰাইজে কৃষি কৰ্ম সম্পাদন কৰাত বাৰুকৈয়ে জটিল সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিছে ৷ তিনি বছৰ পৃৰ্বে ভাগি পৰা এই শ্লুইছ গেটৰ কালভাৰ্ট আজিকোপতি নিৰ্মাণ হৈ নুঠিল। ইয়াৰ বাবে বৃহত্তৰ অঞ্চল বাসীয়ে চৰকাৰ, জলসম্পদ বিভাগ তথা স্থানীয় জনপ্ৰতিনিধিক ধ্বিকাৰ দিছে ৷ লগতে অতি সোণকালে ভঙা শ্লুইছ গেটখন মেৰামতিৰ দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande