
ভগ্নীৰ প্ৰাণ ৰক্ষা কৰি মৃত্যুবৰণ কৰা মাধুৰ্য্য বর্মন সকলোৰে বাবে আদর্শ হৈ ৰ'বঃ ৰাজ্যিক বিজেপি
গুৱাহাটী, ০২ জুন (হি.স.)। নলবাৰী জিলাৰ চামতা ভকতপাৰা নিবাসী উদীয়মান যুৱক, পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মাধুর্য্য বর্মনক ক্ৰমে ৰ'জ আলী ওৰফে আছিক আলী আৰু হিতেশ আলীয়ে বৰ্বৰভাৱে আক্ৰমণ কৰি হত্যা কৰা কাৰ্যই সমগ্র অসম জোকাৰি গৈছে। লাভ জেহাদৰ বলি হৈ মাধুৰ্য্যৰ ভগ্নী মৃদুমুদ্রা ডেকা এই আক্ৰমণৰ ফলত গুৰুতৰ ভাৱে আহত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যুৰ সৈতে মৰণপন যুঁজ দিছে । একাংশ মিঞালোকে সুপৰিকল্পিত ভাৱে লাভ জেহাদৰ দৰে বিষবাষ্প বিয়পাই ক্রমে অসমৰ উঠি অহা প্রজন্মক চলে বলে কৌশলে জৰ্জৰিত কৰি ভাৰতীয় সনাতন সভ্যতাক কোঙা কৰাৰ কূট-কৌশল ৰচনা কৰিছে ।
নলবাৰীৰ, চামতাত সংঘতিত এই ঘটনাই পুনৰ প্ৰমাণ কৰিছে যে হিন্দু যুৱক-যুৱতীক আক্ৰমণ কৰি একাংশ মিঞালোকে আসুৰিক তৃপ্তি লাভ কৰে । অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা এক প্ৰেছ বিবৃতি যোগে দলৰ মুখপাত্র প্রাঞ্জল কলিতাই কয় যে ৰাজ্যৰ একাংশ তথাকথিত কংগ্রেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, বামপন্থী আদৰ্শৰ হিন্দু নেতাবোৰে মিঞাৰ সুৰক্ষাৰ হকে দিন ৰাতি কৰা ওকালতিৰ বাবেই মিঞাবোৰৰ সাহস দিনক দিনে অধিক বৃদ্ধি পাইছে । প্রয়োজনত মিঞাৰ পদলেহনকাৰী এই নেতাবোৰে মিঞাৰ সুৰক্ষাৰ বাবে আন্দোলনত নামি পৰে, কিন্তু মিঞা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কথা কোৱাৰ সাহস নকৰে । যাৰ বাবে প্ৰতিদিনে ৰাজ্যৰ যুৱতীসকল লাভ জেহাদৰ দৰে নিকৃষ্ট ঘটনাৰ বলি হোৱাই নহয় অসমীয়া যুৱকসকলো মিঞাৰ হাতত অকালতে প্রাণ হেৰুৱাব লগা হৈছে । আনহাতে, আক্কাছ আলী নামৰ আন এগৰাকী মিঞা পাষণ্ডই ছয়গাঁৱত এগৰাকী হিন্দু কিশোৰীক ধৰ্ষণ কৰি আৰক্ষীৰ গুলীত আহত হয়। অসমীয়া সমাজ জীৱনক সুৰক্ষিত কৰাৰ স্বাৰ্থত এই পিশাচৰূপী মিঞাসকলৰ বিৰুদ্ধে কঠোৰতম পদক্ষেপ লোৱাৰ সময় আহি পৰিছে। এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক নজীৰবিহীন শাস্তিমূলক পদক্ষেপ লোৱাৰ লগতে কঠোৰ আইন প্ৰণয়নৰ জৰিয়তে মিঞা আৰু মিঞাৰ দুষ্কাৰ্যৰ সমৰ্থনকাৰী সকলৰ বিৰুদ্ধে আইন প্রণয়ন কৰিবলৈ ৰাজ্যিক বিজেপিয়ে অনুৰোধ কৰে । লগতে প্রয়াত মাধুর্য বৰ্মনৰ হত্যাকাৰী ৰ'জ আলীয়ে পলাবলৈ লওঁতে এনকাউণ্টাৰৰ জৰিয়তে শাস্তি প্রদান কৰাৰ কাৰ্যৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তথা অসম আৰক্ষীক ৰাজ্যিক বিজেপিয়ে ধন্যবাদ জ্ঞাপন কৰে।
আনাহতে, নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ভনীয়েকৰ জীৱন ৰক্ষাৰে সাহসীকতাৰ পৰিচয় দিয়া প্রয়াত মাধুৰ্য বৰ্মনৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে ৰাজ্যিক বিজেপিয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ এই বিবৃতিটোৰ জৰিয়তে গভীৰ সমবেদনা জ্ঞাপন কৰে। ভগ্নীৰ প্ৰাণ ৰক্ষা কৰি মৃত্যুবৰণ কৰা মাধুৰ্য্য বৰ্মন সকলোৰে বাবে আদর্শ হৈ ৰ'ব । লগতে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ভুক্তভোগী কিশোৰী গৰাকীৰো দ্রুত আৰোগ্য কামনা কৰে ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী