
কাৰ্বি আংলং, ০২ জুন (হি.স.)। অসম-মেঘালয় সীমান্তৰ তাপাতত সীমা সমস্যাক লৈ দুই ৰাজ্যৰ প্ৰতিনিধি, আৰক্ষী আৰু প্ৰশাসনৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক।
ৰুদ্ধদ্বাৰ বৈঠকত উপস্থিত থাকে অসমৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী, ডিফু সমষ্টিৰ সাংসদ অমৰছিং তিচ্ছ, কাৰ্বি আংলঙৰ নৱ নিৰ্বাচিত পাঁচ বিধায়ক, জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকৰ বিপৰীতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী স্নেউভলং ধৰ , পশ্চিম জয়ন্তীয়া পাহাৰৰক আৰক্ষী বিষয়া আৰু প্ৰশাসনিক বিষয়াসকল।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা