
কোকৰাঝাৰ, ০২ জুন (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাত পুনৰ এগৰাকী মহিলা সন্ধানহীন হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলত উদ্বেগৰ সৃষ্টি কৰিছে। জয়মাৰ ধৌলিগুৰি গাঁৱৰ ৪৪ বছৰীয়া ৰুণু দেৱনাথ যোৱা ২৯ মে'ৰ পৰা নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ লগতে স্থানীয় ৰাইজো চিন্তিত হৈ পৰিছে ।
পৰিয়ালৰ অভিযোগ অনুসৰি, ২৯ মে' আবেলি প্ৰায় ৩ বজাত স্বামীৰ ঘৰৰ পৰা কোকৰাঝাৰত থকা পিতৃগৃহলৈ যাব বুলি ওলাই যোৱাৰ পিছৰে পৰা ৰুণু দেৱনাথ নামৰ মহিলাগৰাকীৰ কোনো সন্ধান পোৱা হোৱা নাই। আত্মীয়-স্বজন, চিনাকি লোকৰ ঘৰ আৰু সম্ভাৱ্য বিভিন্ন স্থানত বিচাৰ-খোচাৰ চলোৱা সত্ত্বেও এতিয়ালৈকে কোনো তথ্য লাভ কৰিব পৰা হোৱা নাই।
ঘটনাৰ পিছতে পৰিয়ালৰ লোকে ৩০ মে'ত গোসাঁইগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। কিন্তু সন্ধানহীন হোৱাৰ ৪৮ ঘণ্টাতকৈ অধিক সময় অতিক্ৰম কৰাৰ পিছতো মহিলাগৰাকীৰ কোনো শুংসূত্ৰ লাভ নোহোৱাত পৰিয়ালৰ লোকে চিন্তিত হৈ পৰিছে।পৰিয়ালৰ সদস্যসকলে আশংকা প্ৰকাশ কৰি কয় যে, মহিলাগৰাকী কোনো অপ্ৰীতিকৰ ঘটনাৰ সন্মুখীন হোৱাৰ সম্ভাৱনাক উলাই কৰিব নোৱাৰি। সেয়ে ঘটনাটোৰ নিৰপেক্ষ আৰু গভীৰ তদন্ত চলাই অতি শীঘ্ৰে ৰুণু দেৱনাথক উদ্ধাৰ কৰাৰ বাবে আৰক্ষীৰ ওচৰত দাবী জনাইছে।
ইফালে স্বামী অমিত দেৱনাথৰ লগতে দুগৰাকী কন্যা কবিতা দেৱনাথ আৰু ডিম্পী দেৱনাথে সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে সহযোগিতাৰ আহ্বান জনাইছে। তেওঁলোকে কয় যে, যদি কোনো ব্যক্তিয়ে ৰুণু দেৱনাথৰ বিষয়ে কোনো ধৰণৰ তথ্য লাভ কৰে বা ক’ৰবাত দেখা পায়, তেন্তে তৎক্ষণাত আৰক্ষীক অৱগত কৰাৰ লগতে পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।ঘটনাটোক লৈ স্থানীয় ৰাইজৰ মাজতো উদ্বেগৰ সৃষ্টি হৈছে। একাংশ লোকে মহিলাসকলৰ সুৰক্ষাক লৈ চিন্তা প্ৰকাশ কৰি আৰক্ষীয়ে যাতে দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰি মহিলাগৰাকীৰ সন্ধান উলিয়াব পাৰে তাৰ বাবে আহ্বান জনাইছে। বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ