
নতুন দিল্লী, ০২ জুন (হি.স.)। চৰকাৰী ডিজিটেল ষ্ট্ৰীমিং প্লেটফৰ্ম ৱেভছ অ’টিটিয়ে মঙলবাৰে এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰি এক কোটি পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰীৰ সীমা অতিক্ৰম কৰে। ২০২৪ চনৰ নৱেম্বৰ মাহত প্ৰসাৰ ভাৰতীয়ে মুকলি কৰিছিল এই মঞ্চ।
ৱেভছ অ'টিটিত ২৪,০০০ৰো অধিক অনুষ্ঠান, ১৪০টাতকৈও অধিক লাইভ টিভি চেনেল, আৰু ২০০ৰো অধিক ৰেডিঅ' সেৱা উপলব্ধ। ইয়াৰ উপৰিও শৈক্ষিক, বাতৰি, সাংস্কৃতিক, ধৰ্মীয় অনুষ্ঠান, আৰু প্ৰসাৰ ভাৰতীৰ আৰ্কাইভও দৰ্শকৰ বাবে উপলব্ধ।
এতিয়া এই প্লেটফৰ্মৰ প্ৰসাৰ ১৩০ খনতকৈও অধিক দেশত আছে। এই কৃতিত্বৰ ওপৰত প্ৰসাৰ ভাৰতীয়ে কয় যে এই সফলতাই ডিজিটেল যুগত ডিজিটেল জনসেৱা সংবাদ মাধ্যমৰ ক্ৰমবৰ্ধমান গুৰুত্বক প্ৰতিফলিত কৰে আৰু টেলিভিছন, ৰেডিঅ’, অন-ডিমাণ্ড কন্টেন্ট, শিক্ষা, সংস্কৃতি, আৰু ঐতিহ্যৰ বাবে একক মঞ্চ সৃষ্টিৰ দৃষ্টিভংগীক শক্তিশালী কৰে।
প্লেটফৰ্মে নিৰন্তৰ বিষয়বস্তু সম্প্ৰসাৰণ, কৌশলগত ডিজিটেল অংশীদাৰিত্ব, ডিভাইচসমূহৰ মাজত ব্যাপক উপলব্ধতা, আৰু উন্নত ব্যৱহাৰকাৰী অভিজ্ঞতাৰ জৰিয়তে সামঞ্জস্যপূৰ্ণ বৃদ্ধি লাভ কৰিছে। শেহতীয়া বৈশিষ্ট্য যেনে ভক্তিমূলক লাইভ ষ্ট্ৰিম, শিক্ষামূলক বিষয়বস্তু, ডিজিটেল প্ৰকাশন, আৰ্কাইভ সংগ্ৰহ, আৰু লাইভ ইভেণ্ট কভাৰেজে দৰ্শকৰ নিয়োজিততাক আৰু অধিক শক্তিশালী কৰিছে। জনপ্ৰিয়তা বৃদ্ধিৰ লগে লগে প্ৰসাৰ ভাৰতীয়ে কয় যে ২০২৭ চনৰ মাৰ্চ মাহৰ ভিতৰত ২ কোটি পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰীৰ ওচৰলৈ যোৱাৰ লক্ষ্য।
ৱেভছ অ'টিটি ভাৰতৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা ৰাজহুৱা ডিজিটেল ষ্ট্ৰীমিং প্লেটফৰ্ম হিচাপে গণ্য কৰা হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া