টাউকাক নদীৰ খহনীয়াত আক্ৰান্ত সোণাৰি নগৰৰ কাষৰীয়া এখন গাওঁ
চৰাইদেউ, ০২ জুন (হি.স.)। চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ কাষৰীয়া এখন গাওঁৰ ৰাইজে ব্যাপক গৰাখহনীয়াৰ সমস্যাৰ সন্মুখীন হৈছে । সোণাৰি সমষ্টিৰ অন্তৰ্গত গুটিঘাট গাওঁত বাস কৰা প্ৰায় ১১০ টা পৰিয়ালে টাউকাক নদীয়ে সৃষ্টি কৰা খহনীয়াৰ ফলত সৰ্বশ্ৰান্ত হোৱাৰ উপক্
টাউকাক নদীৰ খহনীয়াত আক্ৰান্ত সোণাৰি নগৰৰ কাষৰীয়া এখন গাওঁ


চৰাইদেউ, ০২ জুন (হি.স.)। চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ কাষৰীয়া এখন গাওঁৰ ৰাইজে ব্যাপক গৰাখহনীয়াৰ সমস্যাৰ সন্মুখীন হৈছে । সোণাৰি সমষ্টিৰ অন্তৰ্গত গুটিঘাট গাওঁত বাস কৰা প্ৰায় ১১০ টা পৰিয়ালে টাউকাক নদীয়ে সৃষ্টি কৰা খহনীয়াৰ ফলত সৰ্বশ্ৰান্ত হোৱাৰ উপক্ৰম হৈছে ।

টাউকাক নদীয়ে গাঁওখনৰ ঠায়ে ঠায়ে প্ৰায় কেইবা বিঘা মাটি খহাই পেলোৱাৰ ফলত গাঁওখনত এতিয়া সংকটৰ সৃষ্টি হৈছে । এই ক্ষেত্ৰত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক সমস্যাটোৰ সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ গঞা ৰাইজে ইতিমইধে আবেদন পত্ৰ দাখিল কৰিছে । ইফালে খহনীয়া অব্য়াহত থকা এলেকাত টাউকাক নৈখনৰ ৫০ ৰ পৰা ৮০/৯০ মিটাৰ ভিতৰতে গঞা ৰাইজ বসবাস তথা এখন প্ৰাৰ্থমিক বিদ্যালয়ও আছে যাক লৈ চিন্তিত হৈ পৰিছে গাঁওবাসী।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande